ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়: মহৰমৰ তাজিয়াক কেন্দ্ৰ কৰি আজিও ডিব্ৰুগড় উতপ্ত হৈ আছে।যোৱা ১০ চেপ্তেম্বৰত ডিব্ৰুগড়ত মহৰমৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকে এক বিশাল তাজিয়া প্ৰৰ্দশন কৰি চহৰখনৰ ৰাজপথত এক তাণ্ডৱ আৰু উদ্ভণ্ডালিৰ সৃষ্টি কৰি সকলো আইন শৃংখলা উলংঘাৰে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি ভালেকেইখন ব্যক্তিগত বাহনৰ বিস্তৰ ক্ষতিসাধন কৰিছিল।
তাজিয়াত অংশগ্ৰহকাৰী সকল ইমানেই উদ্মাদ হৈ পৰিছিল যে তেওঁলোকৰ হাতত থকা চোকা অস্ত্ৰই আঘাট কৰিছিল পথাচাৰীক।সিমানতে ক্ষান্ত নাথাকি পথৰ দাঁতিত ৰখাই থকা দুখনকৈ বিলাসী বাহনৰ লগতে আন কেইবাখনো লঘু বাহন উদ্দেশ্যপ্ৰনোদিত ভাবেই তাজিয়া খেলুৱৈয়ে ভাঙি পেলায়।
এই সকলো আৰক্ষী বাহিনীৰ সন্মুখতে সংঘটিত হয় যদিও আৰক্ষীয়ে নিৰ্বাক দৃষ্টিৰে চাই থাকে। তাজিয়াৰ বাবে চহৰখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিছিল জিলা প্ৰশাসনে কেৱল তাজিয়া খেলৰ বাবেই।
সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত যোৱা নিশা আৰক্ষী প্ৰশাসনে তাজিয়াত ডিব্ৰুগড়ৰ ৰাজপথত তাণ্ডৱ চলাই গাড়ী মটৰৰ ক্ষতি সাধন কৰাৰ অভিযোগত ডিব্ৰুগড় ফুলকান হুচেইন নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়।
চি চি টিভি আৰু অভিযোগকাৰীৰ মবাইলৰ বিভিন্ন ভিডিঅ’ ফুটেজ তন্ন তন্নকৈ পৰীক্ষা কৰি অৱশেষত ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত গোপনে অভিযান চলাই চহৰখনৰ মিৰ্জাবাগৰ পৰা ফুলকান হুছেইন নামৰ যুৱক জনক জনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ৰাইজে কিছু স্বস্তিৰ নি:স্বাস পেলায়।
মহৰমৰ তাজিয়াত ডিব্ৰুগড়ত হোৱা উদ্ভণ্ডালীৰ অভিযোগত পুনৰ আজি আজাদ খান নামৰ আন এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।তদন্ত অব্যাহত ৰখাৰ সময়তে আজাদ খান নামৰ এজনক চহৰখনৰ পাঁচ আলিৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছতেই সমগ্ৰ চহৰখন উতপ্ত হৈ পৰে।
ডিব্ৰুগড়ৰ ঈদগাহ সমিতিৰ সভাপতি, মাজাৰ কমিটিৰ সম্পাদক আৰু ডিব্ৰুগড় ড্ৰাইমণ্ড স্পৰ্টিং ক্লাবৰ সভাপতি জাভেদ আখতাৰ খানক বুধবাৰে নিশা সদৰ থানাত আটক কৰি ৰখাত উত্তেজিত হৈ পৰে স্থানীয় লোক আৰু একাংশ ব্যৱসায়ী।
তাজিয়া কমিটিৰ সতে কোনোমতেই জৰিত নহয় বুলি খানে দাবী কৰি কয় যে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ বাবেই ষড়যন্ত্ৰ মূলকভাবে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
আনহাতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সুভাষিনী সুন্দৰমে এক সংবাদ মেল যোগে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধী আইনৰ 120B 143/144/149/188/431/427/34 ধাৰাত 1523/19 নং গোচৰ পঞ্জীয়ন কৰি দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰে।আৰক্ষীয়ে এই ঘটনাত জড়িত আন আন সকলকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হব বুলি জানিবলৈ দিয়ে।
ইফালে আজাদ খানক গ্ৰেপ্তাৰ কৰাৰ লগে লগে তেঁওৰ সৰ্মথনত শতাধিক লোকে বিনাচৰ্তে মুকলি কৰি দিবলৈ সদৰ আৰক্ষীৰ সন্মুখত ব্যাপক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ।
খানৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজি পুৱা চহৰৰ ব্যৱসায়িক প্ৰতিস্থান বন্ধ কৰাৰ নিৰ্দেশ দিয়াক লৈ দুটা ফৈদৰ মাজত তকাৰ্তকিৰ সুত্ৰপাত ঘটে।
সদৰ থানাৰ পৰা পোনে পোনে জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।পিছত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দুই অভিযুক্ত জাভেদ আখতাৰ খান আৰু ফুলকান হুচেইনক জামিনত মুক্তি দিয়ে।