নিউজ ডেস্কঃ
শুক্রবাৰে ৪৮ বছৰত ভৰি দিলে অভিনেতা চনু সুদে। কোভিডকালত সমগ্ৰ দেশৰ দৃষ্টিত ‘ত্রাণকৰ্তা’ হিচাপে চিহ্নিত হোৱা অভিনেতাজনৰ বিশেষ দিনটো পালন কৰিবলৈ কেক, ফুল, পোষ্টাৰৰ দৰে বিভিন্ন উপহাৰ লৈ তেওঁৰ ঘৰৰ সন্মুখত উপস্থিত হয় তেওঁৰ অনুৰাগীসকল। কিন্তু ইয়াৰ মাজতো এজন অনুৰাগীৰ অভিনৱ উপহাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
অনুৰাগীজনে ভিৰৰ মাজতেই মুখৰ মাস্ক খুলি জিভা ডুবাই দিয়ে হালধীয়া ৰঙৰ বাটিত। ইয়াৰ পিছত বগা কাগজত জিভাৰে অংকন কৰে প্রিয় অভিনেতাজনৰ মুখৰ ছবি। জন্মদিনত এনে উপহাৰ লাভ কৰি আপ্লুত স্বয়ং চনুও। হাত চাপৰি বজাই অভিবাদন জনালে শিল্পীগৰাকীক। হাত ব্যৱহাৰ নকৰাকৈ কেৱল জিভাৰ সহায়ত এনেদৰে ছবি অঁকা দেখি মুগ্ধ তাত উপস্থিত অভিনেতাগৰাকীৰ অনুৰাগীসকলো।