স্বাস্থ্য প্ৰতিবেদন:
আহক এবাৰ জানি লওঁ নাৰিকলৰ তেলৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ সম্পর্কে-
মেকআপ ৰিমভাৰ হিচাবে ব্যৱহাৰ
মুখত দিয়া মেকআপ টান হৈ গ’লে সেয়া সহজেই এৰাব পৰা পৰা যায় নাৰিকলৰ তেল ব্যৱহাৰেৰে। ইয়াৰ উপৰি ই ছালক মসৃণ কৰাৰো কাম কৰিব।
কাঠৰ আচবাব চকচকীয়া কৰে
কাঠৰ আসবাব পৰিষ্কাৰ কৰি চকচকীয়া কৰি তুলিবলৈ কামত দিব পাৰে নাৰিকলৰ তেলে। বিভিন্ন ৰাসায়নিক পৰিষ্কাৰকাৰক পদার্থবোৰত প্রচুৰ পৰিমাণে বিষাক্ত উপাদান আৰু গাঢ় ছিন্থেটিক গোন্ধ থকাত ই ঘৰৰ বতাহ প্ৰদূষিত কৰিব পাৰে।
সেয়ে ইয়াৰ পৰিৱৰ্তে নাৰিকলৰ তেল ব্যৱহাৰ কৰি পাব পাৰে চকচকীয়া আচবাব-পত্র।ইয়াৰ বাবে গলিত নাৰিকল তেলত এক টুকুৰা লেমুৰ ৰস আৰু কিছু বগা ভিনেগাৰ মিহলাই ঘৰতেই বনাব পাৰে নাৰিকল তেলৰ এই পৰিষ্কাৰকাৰক মিশ্রণটি।
দাঁত আৰু মুখৰ যত্নত
নাৰিকল তেল দাঁত আৰু আলুৰ স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াত এবিধ এন্টিবেক্টেৰিয়েল বৈশিষ্ট্য আছে, যিয়ে স্ট্রেপ্টোকোকাছ নামৰ মুখৰ বেক্টেৰিয়াক মাৰি পেলায়। ইয়াৰা বাবে পুৱা খালী পেটত এক টেবুল চামুচ নাৰিকল তেলেৰে ব্রাছ কৰি মাউথৱাশ বা পাতল নিমখযুক্ত পানীৰে মুখ ধুলেই উপকাৰ পাব।
শ্বেভিং ক্রিমৰ বিকল্প হিচাবে
শ্বেভিং ক্রিম শেষ হৈ গ’লে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে ইয়াৰ বিকল্প হিচাবে। ক্ষতিকাৰক ৰাসায়নিক ব্যৱহাৰ কৰাৰ পৰিৱর্তে নাৰিকল তেল ব্যৱহাৰে ছাল ময়শ্চাৰাইজড আৰু ক্লিন শ্বেভৰ বাবে ছালক নৰম আৰু মসৃণ কৰিব।
ওঁঠ ফটা ৰোধ কৰে
নাৰিকল তেলত এন্টি-ইনফ্লেমেটৰি বৈশিষ্ট্য থকাৰ কাৰণে ই অতি ভাল ছালৰ ময়শ্চাৰাইজাৰ হিচাবে কাম কৰে। ইয়াক ওঁঠত ব্যৱহাৰৰ ফলত ওঁঠ অতি মসৃণ হয় আৰু ইয়াত প্রাকৃতিকভাবে এছপিএফ-৭ থকাত ই সূর্যৰ পৰা ছালকো কিছু সুৰক্ষা প্রদান কৰে।
শক্তি বৃদ্ধি কৰিবলৈ
নাৰিকল তেলত মজলীয়া চেইন ট্রাইগ্লিছাৰাইডছ (এমচিটি) নামৰ ফেটি এচিড সমৃদ্ধ হোৱাত ই সহজতেই শৰীৰত শোষিত হয়। সেয়ে ই আপোনাৰ দেহত, মস্তিষ্কত আৰু কোষৰ শক্তি বৃদ্ধি কৰিব পাৰে।
ৰন্ধনকাৰ্যত ব্যৱহাৰ
ৰন্ধনকাৰ্যতো ব্যৱহাৰ কৰিব পৰা যায় নাৰিকল তেল। বিশেষকৈ ফ্রাইচ কৰাৰ ক্ষেত্রত ইয়াক যথেষ্ট ভাল তেল হিচাবে ব্যৱহাৰ কৰিব পৰা যায়। কণী, স্ট্রে-ফ্রাই, তৰকাৰী বা ফ্রেঞ্চ টোষ্টৰ দৰে খাদ্য প্ৰস্তুত কৰাৰ সময়ত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ উপৰি কিছু বেক্ড সামগ্রীৰ ৰেচিপিত যেনে- ৰুটি, মাফিনছ, ব্রাউনিজ আৰু কেকৰ বাবে মাখন বা অন্য তেলৰ বিকল্প হিচাবে নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পৰা যায়।