![]()
নিউজ ডেস্কঃ
মঙ্গলবাৰে পর্ন-কাণ্ডত ৰাজ কুন্দ্রাৰ ১৪ দিনৰ ন্যায়িক জিম্মা হ’ল। মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই তেওঁক নিজৰ জিম্মাত ৰাখিব বিচাৰি আদালতত আবেদন কৰিছিল যদিও উক্ত আবেদন খাৰিজ হয়।
ইয়াৰ মাজতে আৰক্ষী সূত্ৰে জানিব পৰা মতে, ৰাজ আৰু তেওঁৰ পত্নী অভিনেত্রী শিল্পা শেট্টিৰ জুহুৰ ঘৰত তালাচী চলোৱাৰ সময়ত তাৰকা দম্পতিৰ মাজত বিবাদ হয়। ৰাজৰ ওপৰত চিঞৰ-বাখৰ কৰে শিল্পাই। কান্দিও দিয়ে তেওঁ। আৰক্ষীক জনায়, তেওঁৰ স্বামীৰ কুকীর্তি সম্পর্কে তেওঁৰ ওচৰত কোনো তথ্য নাই। আৰক্ষীয়েই অভিনেত্রীগৰাকীক শান্ত কৰায় বুলি জানিব পৰা গৈছে।













