ASSAM TIMES POST
নতুন দিল্লীঃ যুক্তৰাজ্যত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকললৈ সুখবৰ।
এইসকল ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অধ্যয়ন শেষ হোৱাৰ পাছতো দুবছৰ চাকৰি কৰিব পাৰিব। ইয়াৰ অৰ্থে শেহতীয়াকৈ ব্ৰিটিছ চৰকাৰে নতুন ভিছা প্ৰস্তুত কৰি উলিয়াইছে।
ভাৰতৰ লগতে ইয়াত অধ্যয়নৰত সকলো বিদেশী ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰটো এই নিয়ম প্ৰযোজ্য হ’ব। এই সম্পৰ্কত ভাৰতস্থিত ব্ৰিটিছ উচ্চায়ুক্ত ছাৰ ডমিনিক আছকুইথে কয়, ‘এয়া ভাৰতীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বৰ ভাল কথা।’ উল্লেখ্য, চলিত বৰ্ষৰ জুনৰ তথ্য অনুসৰি যুক্তৰাজ্যত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২২ হাজাৰ।










