নিউজ ডেস্কঃ
ক’ভিড মহামাৰীৰ প্ৰকোপ কিছু সাম কটাৰ মাজতেই Indian Council For Medical Research চমুকৈ ICMRৰ মুৰব্বী ডাঃ বলোৰাম ভাৰ্গৱে প্ৰথমাৱস্থাত প্ৰাথমিক বিদ্যালয় খোলাৰ পৰামৰ্শ আগবঢ়াইছে। তেওঁৰ মতে, উচ্চ মাধ্যমিক আৰু মাধ্যমিক বিদ্যালয় সমূহ খোলাৰ পূৰ্বে প্ৰাথমিক স্কুল সমূহ খোলাটো অধিক তাৎপৰ্যপূৰ্ণ হ’ব বুলি মন্তব্য কৰে।
মংগলবাৰে সম্বোধন কৰা এক সংবাদ মেল যোগে এই কথা স্পষ্ট কৰে ICMRৰ মুৰব্বী গৰাকীয়ে। তেওঁ কয় যে, “শিশুসকলে ভাইৰেল ইনফেকচনে বেছি ভালদৰে প্ৰতিহত কৰিব পাৰে গতিকে তেওঁলোকক ভেকচিন প্ৰদান কৰা নহ’লেও তেওঁলোকক স্কুলত পঠিয়াব লাগে। অৱশ্যে, এই স্কুল সমূহ খোলাৰ আগতে স্কুলৰ শিক্ষক, কৰ্মচাৰী সকলে ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক। উল্লেখ্য যে, দেশৰ একাধিক ৰাজ্যত ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহা পিছতেই দেশৰ একাধিক ৰাজ্যই স্কুল, মহাবিদ্যালয়, বিশ্ববিদ্যালয় খোলাৰ পৰিকল্পনা কৰিছে।
এইখিনিতে আন এক মনকৰিবলগীয়া কথা এয়াও যে, ICMR য়ে নিজাববীয়াকৈ কৰা Sero Survey ৰ ফলাফল ঘোষণা কৰিছে। এই survey ত শিশু আৰু কিশোৰ অন্তৰ্ভুক্ত হৈ আছিল । Survey ত ৬৭.৬শতাংশ লোকৰ শৰীৰত এন্টিবডী পোৱা গৈছে। শিশুৰ (৬বছৰৰ পৰা ৯বছৰ) মাজত ৫৭.২শতাংশৰ মাজত এন্টিবডী পোৱাৰ বিপৰীতে কিশোৰৰ (১০বছৰৰ পৰা ১৭বছৰ) ৬১.৬শতাংশৰ শৰীৰত এন্টিবডী পোৱা গৈছে। এই সমীক্ষা জুন-জুলাই মাহত কৰা হৈছিল আৰু ইয়াত ২৮৯২জন শিশু আৰু ৫৭৯৯জন কিশোৰ অন্তৰ্ভুক্ত হৈ আছিল । Sero Surveyত এন্টিবডী থকা ব্যক্তিৰ পৰিসংখ্যা উলিওৱা হয়। অৱশ্যে এতিয়াও ৪০ কোটি লোক প্ৰতিৰোধহীন হৈ আছে বুলিও সমীক্ষাৰ ফলাফলত প্ৰকাশ পাইছে। সমীক্ষাত অংশগ্ৰহণ কৰছিল ২৮৯৭৫জন প্ৰাপ্ত বয়স্ক লোকে । দেশৰ ২১খন ৰাজ্যৰ ৭০খন জিলাত ICMRএ এই সমীক্ষা চলাইছিল ।
আনহাতে বিগত ২৪ ঘণ্টাত দেশত ৪২,০১৫জন লোক নতুনকৈ আক্রান্ত হৈছে । সুস্থ হোৱা লোকৰ সংখ্যা ৩৬,৯৭৭জন । মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৩৯৯৮জন । আক্ৰান্তৰ হাৰ ২.২৭শতাংশ । ।