নিউজ ডেস্কঃ
আৰু এটা দশকৰ ভিতৰত চন্দ্ৰই ভয়াৱহ বিপদৰ কাৰণ হৈ উঠিবলৈ আগবাঢ়িছে। পৃথিৱীক প্রদক্ষিণৰ সময়ত কক্ষপথত চন্দ্ৰৰ স্থান বিচ্যুতিৰ বাবেই এই ঘটনা ঘটিব পাৰে বুলি জনাইছে নাছাই।
চন্দ্ৰৰ এই খামখেয়ালিৰ বাবেই ভয়ঙ্কৰ বাবেই আৰু ১০ বছৰৰ ভিতৰতেই বানপানীক আমন্ত্ৰণ জনাব পাৰে। সমুদ্র আৰু মহাসাগৰবোৰৰ জলস্তৰ অস্বাভাৱিকভাবে ওফন্দি উঠি আমন্ত্ৰণ জনাব পাৰে উক্ত ভয়ানক বান সমস্যাৰ। যিটো অতি সঘনাই হ’ব। পানীৰ তলত একেৰাহে কেইবা মাহ ধৰি থাকিব আমেৰিকাসহ সমুদ্র উপকূলৱর্তী বহু দেশৰ বহু চহৰ-গাঁও।
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই দিছে এই উদ্বেগজনক খবৰ। নাছাৰ বিজ্ঞানীসকলৰ গৱেষণা-পত্রখন প্রকাশ হৈছে আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘নেচাৰ ক্লাইমেট চেঞ্জ’ত।
গৱেষণা-পত্রখনত জনোৱা হৈছে, কক্ষপথত অলপ হাউলি যোৱাৰ দৰে চন্দ্ৰই পৃথিৱীক প্রদক্ষিণ কৰে আৰু নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সেই হাউলি থকা অৱস্থাত চন্দ্ৰই থৰকবৰককৈ আগবাঢ়ে বাবেই বিপদৰ কাৰণ হৈ উঠিব। পৃথিৱীক প্রদক্ষিণৰ পথত চাৰে ১৮ বছৰৰ এটি চক্র আছে চন্দ্ৰৰ। এই চাৰে ১৮ বছৰৰ আধা সময় চন্দ্ৰৰ বাবে পৃথিৱীৰ সকলো সমুদ্র, মহাসাগৰত জোৱাৰৰ পৰিমাণ আৰু প্রাবল্য ভাটাতকৈ বেছি হয়। চক্রৰ বাকি আধা সময় ওলোটা হয়। পৃথিৱীৰ সকলো সমুদ্র, মহাসাগৰত ভাটাৰ পৰিমাণ আৰু প্রাবল্য বেছি হয় জোৱাৰতকৈ।
নাছাৰ মুখ্য প্রশাসক বিল নেলছনে কয়, “ইয়াৰ বাবে দায়ী জলবায়ু পৰিৱর্তন, উষ্ণায়ন আৰু সমুদ্রৰ জলস্তৰৰ দ্রুত উচ্চতা বৃদ্ধি। যিটোৱে বিগত ৩০০ বছৰত ইতিমধ্যেই ৰেকর্ড গঢ়িছে। উষ্ণায়ন চলিত হাৰত থাকিলে সমুদ্রৰ জলস্তৰ আৰু উঠি আহিব। লগতে সংযোগ হ’ব চন্দ্ৰৰ বাবে জোৱাৰৰ পৰিমাণ আৰু প্রাবল্য বৃদ্ধি। তাৰ ফলতে আমেৰিকাসহ বিশ্বৰ প্রায় সকলো কেইখন সমুদ্র উপকূলৱর্তী দেশৰ বহু এলেকাই পানীৰ তলত থাকিব লাগিব বছৰত এটা দাঘলীয়া সময়।” উক্ত দেশত ভাৰতৰো নাম আছে ৷