নিউজ ডেস্কঃ
মঙ্গলবাৰে নিশা পুনৰ হস্পিটেলত ভর্তি কৰোৱা হয় বর্ষীয়ান বলিউড অভিনেতাজনক। শ্বাসকষ্টত ভুগিছিল দিলীপ কুমাৰ। হিন্দুজা হস্পিটেলৰ আইচিইউত আছে তেওঁ। এটা মাহতে দুবাৰ হস্পিটেলত ভর্তি হ’বলগা হ’ল তেওঁ। যোৱাবাৰ শ্বাসকষ্টৰ বাবে হিন্দুজা হস্পিটেলৰ চিকিৎসকসকলৰ পর্যবেক্ষণত আছিল তেওঁ। তেতিয়া সাময়িকভাবে সুস্থ হ’লেও পুনৰ একেই সমস্যা হয়।
৬ জুনত প্ৰথমবাৰ হস্পিটেলত ভর্তি কৰোৱা হৈছিল অভিনেতাজনক। দিয়া হৈছিল অক্সিজেন ছাপোর্ট। মুম্বাইৰ হিন্দুজা হস্পিটেলে বিজ্ঞপ্তি জাৰি কৰি কৈছিল, দিলীপ কুমাৰৰ দুয়োটা হাওঁফাওঁতেই পানী জমা হৈছে। কৰোনা পৰীক্ষাৰ ফলাফল নেগেটিভ আহিছিল অভিনেতাজনৰ। সেই সময়তে দিলীপ কুমাৰৰ পত্নী অভিনেত্রী চায়েৰা বানুই জনাইছিল, তাৰ আগতে বহু দিন ধৰি শ্বাসকষ্ট হৈছিল দিলীপ কুমাৰৰ। পাঁচ দিন পিছত হস্পিটেলৰ পৰা তেওঁ ঘৰলৈ উভতিছিল। পুনৰ একেই সমস্যাৰ বাবে হস্পিটেলত ভর্তি কৰোৱা হয় তেওঁক।
অৱশ্যে বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।