ডিজিটেল ডেস্কঃৰঙাফিটাৰ মেৰপেচৰ দিন এতিয়া গ’ল৷ এনেদৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰি কয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথম কাৰ্যকালৰ কামে অৰ্থনীতিক ১ ত্ৰিলিয়ন ডলাৰলৈ লৈ গ’ল’৷ এনেদৰে বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰি কয়, বৰ্তমান ভাৰত বিশ্বৰ তৃতীয় বৃহত্ অৰ্থনীতিৰ দেশ৷ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথম কাৰ্যকালত উন্নয়নৰ ৰূপৰেখা তৈয়াৰ হ’ল৷

দেশত অৰ্থনৈতিক বৃদ্ধিৰ হাৰ বাঢ়িছে৷ উন্নয়নৰ বাবে এইবাৰ ’ৰিফৰ্ম-পাৰ্ফম-ট্ৰান্সফৰ্ম হ’ব মন্ত্ৰ’৷ ‘সমৃদ্ধ দেশৰ শক্তিশালী নাগৰিক, এয়াই হ’ব আমাৰ লক্ষ্য৷ প্ৰশাসন যন্ত্ৰত ৰঙাফিটাৰ মেৰপেচ কম কৰাত গুৰুত্ব৷ আনহাতে ৫৯ ছেকেণ্ডৰ ভিতৰতে ১ কোটি টকালৈ ঋণ প্ৰদানৰ সুবিধা বুলি বাজেট দাখিলৰ সময়ত উল্লেখ কৰে৷ তদুপৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ৩৫০ কোটি টকা আৱণ্টন৷ দৰিদ্ৰসকলৰ বাবে একোটাকৈ ঘৰ পোৱাৰ সপোন বাস্তৱায়িত৷ ডেৰ কোটিতকৈ কম টাৰ্ণঅভাৰৰ ব্যৱসায়লৈ বিশেষ ৰেহাই৷

ইপিনে বিদ্যুতৰ মাছুলত বৃহত্ সংশোধনৰ ঘোষণা৷ ৩ কোটি ক্ষুদ্ৰ ব্যৱসায়ী, দোকানীলৈ পেঞ্চনৰ ব্যৱস্থা৷ প্ৰতিবছৰে ভাৰতত অনুষ্ঠিত হ’ব গ্ল’বেল ইনভেষ্ট মীট৷ যোগাযোগ, যাতায়াত দেশৰ জীৱন ৰেখা স্বৰূপ৷ সাধাৰণ লোক উপকৃত হোৱাকৈ ৰে’লৱেত বহু পৰিকল্পনা মুদ্ৰা যোজনাই দেশবাসীৰ জীৱন-জীৱিকা সলনি কৰি দিলে৷

ভাৰত মালা যোজনাৰ জৰিয়তে ৰাস্তা নিৰ্মাণ হৈছে৷ সাগৰ মালাৰ জৰিয়তে নিৰ্মাণ হৈছে জলপথ, বন্দৰ৷ ঔদ্যোগিক কৰিডৰ হাইৱেৰ সৈতে সংযোজন কৰা হৈছে৷পৰিষ্কাৰ পানী, পৰিষ্কাৰ নদীৰ ওপৰত গুৰুত্ব৷ বেংকিং, কৰ-গাঁথনিত বিগত ৫ বছৰত বহু সংস্কাৰ হ’ল৷ মহিলাৰ মৰ্যাদা বৃদ্ধি কৰাত গুৰুত্ব সীতাৰমণৰ বাজেটত৷ দেশৰ অৰ্থনীতিয়ে ১ ত্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰিছে৷ এইদৰে বাজেট দাখিলৰ সময়ত বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰে৷