ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

নিউজ ডেস্কঃ

News Desk by News Desk
October 30, 2026
Reading Time: 1 min read
A A
0
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

RELATED POSTS

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?

New Logo Smal 1 | ASSAM TIMES POST

বদ্ৰীনাথৰ পৰা উভতি অহাৰ পথত এখন যাত্ৰীবাহী হেলিকপ্টাৰ সন্ধানহীন হৈ পৰে। উত্তৰাখণ্ডৰ চামোলী জিলাৰ যোশীমঠ অঞ্চলত প্ৰচণ্ড বৰষুণ আৰু ডাঠ ডাৱৰৰ মাজেৰে গৈ থকাৰ সময়তে হঠাতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। পিছত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি কয়। এতিয়ালৈকে পোৱা তথ্যৰ পৰা অনুমান কৰা হৈছে যে যোশীমঠ অঞ্চলৰ হাতী পৰ্বতৰ পিছফালে থকা ছয়ী গাঁৱৰ সমীপত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে। পাইলটৰ বাহিৰেও হেলিকপ্টাৰখনত আছিল ৫ জন যাত্ৰী। ছয়জনৰেই মৃত্যুৰ আশংকা কৰা হৈছে। প্ৰায় ১.১৪ বজাত বদ্ৰীনাথৰ পৰা উৰা মাৰিছিল হেলিকপ্টাৰখন।

যোশীমঠৰ এছডিএম চন্দ্ৰশেখৰ বশিষ্ঠৰ মতে, “সেনা আৰু আমাৰ দুৰ্যোগ ব্যৱস্থাপনা দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। আৰক্ষী আৰু স্বাস্থ্যকৰ্মীসকল সেই স্থানলৈ গৈ আছে।” ছ’চিয়েল মিডিয়াত এটা পোষ্টত ধামীয়ে লিখিছে, “যোশীমঠৰ সমীপৰ ছয়ী গাঁৱৰ সমীপত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। জিলা প্ৰশাসন আৰু এছডিআৰএফৰ যৌথ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে। মই ব্যক্তিগতভাৱে সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি আছোঁ। গুৰুতৰভাৱে আহতসকলৰ চিকিৎসাৰ বাবে মই হেলিকপ্টাৰ প্ৰেৰণৰ নিৰ্দেশ দিছোঁ।” হেলিকপ্টাৰখনত থকা যাত্ৰীসকল হৈছে প্ৰতাপ, অৰুণ, শংকৰ গৌড়া, সুধীৰ কে আৰু এইচ এছ নটৰাজ। আটাইকেইজনেই বেংগালুৰুৰ বাসিন্দা। বদ্ৰীনাথলৈ তীৰ্থযাত্ৰা কৰি তেওঁলোক উভতি আহিছিল। হেলিকপ্টাৰখনৰ পাইলটৰ পৰিচয়ো পোহৰলৈ আহিছে। কেপ্টেইন হিমাংশুৱে এই হেলিকপ্টাৰখন চলাইছিল।

hele | ASSAM TIMES POST
বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

প্ৰতিকূল বতৰ, অবিৰত বৰষুণ আৰু কম দৃশ্যমানতাৰ বাবে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। উত্তৰাখণ্ডৰ অসামৰিক বিমান উন্নয়ন কৰ্তৃপক্ষই এক বিবৃতিত কয় যে এই হেলিকপ্টাৰখন ‘ট্ৰান্স ইণ্ডিয়া এভিয়েচন প্ৰাইভেট লিমিটেড’ৰ। প্ৰথমে হেলিকপ্টাৰখন নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল। যোশীমঠ উপত্যকাৰ ওপৰেৰে উৰা মৰাৰ সময়ত হেলিকপ্টাৰখনৰ সৈতে সংযোগ হেৰাই যায়। ট্ৰেকিং ছিষ্টেমে হেলিকপ্টাৰখনৰ ট্ৰেজেক্টৰীও ধৰা পেলাব পৰা নাছিল।

অক্টোবৰৰ আৰম্ভণিতে উত্তৰাখণ্ডত দুখন হেলিকপ্টাৰ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। এখন বেয়া বতৰৰ বাবে ৰুদ্ৰপ্ৰয়াগত জৰুৰীকালীন অৱতৰণ কৰে। কিন্তু আনখনত যান্ত্ৰিক বিজুতি ধৰা পৰাত পাইলটজনে তেহৰিত জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়। দুয়োখনেই আছিল যাত্ৰীবাহী হেলিকপ্টাৰ। কিন্তু শেহতীয়াকৈ উত্তৰাখণ্ডৰ বতৰৰ অৱনতিৰ বাবে হেলিকপ্টাৰ যাত্ৰাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। প্ৰায়েই প্ৰচণ্ড বৰষুণ আৰু দৃশ্যমানতা হ্ৰাস পোৱাৰ ফলত হেলিকপ্টাৰ চলাচলত বাধাৰ সৃষ্টি হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: UttarakhandCoptercrash
Share4Tweet3Send

Related Posts

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

by News Desk
October 30, 2026
50
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

by News Desk
October 30, 2026
50
Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?
National-International

Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?

by News Desk
October 30, 2026
50
Rahul Gandhi : আইডিবিআই বেংক কৰ্মচাৰীৰ ব্যক্তিগতকৰণ বিৰোধী আন্দোলনৰ সমৰ্থন ৰাহুল গান্ধীৰ

Alahabad High Court : পত্নী-সন্তানৰ খৰচৰ যোগান ধৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য, এলাহাবাদ উচ্চ ন্যায়ালয়

Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?

ADVERTISEMENT
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
50
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026
50
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

October 30, 2026
50
Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?
National-International

Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?

October 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

October 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d