নিউজ ডেস্কঃ
দেশৰ ভিতৰতে পশ্চিমবঙ্গত আম উৎপাদনৰ বাবে বিখ্যাত মালদাহ আৰু মুর্শিদাবাদ জিলা। এই বছৰ কোভিডৰ বতৰত মুর্শিদাবাদ জিলাত ৰেকর্ড পৰিমাণৰ আম উৎপাদন হ’লেও আম খেতিয়কসকলে সেই আম বিক্রী কৰি লাভ কৰা নাই সঠিক মূল্য। উদ্যানশস্য বিভাগৰ সূত্রৰ খবৰ মতে মুর্শিদাবাদৰ ২৩ হাজাৰ হেক্টৰ ভূমিত এই বছৰ প্রায় ১.৮ লক্ষ মেট্রিক টন আম উৎপাদন হৈছে।
মুর্শিদাবাদৰ বিখ্যাত কেইবাটাও প্রজাতিৰ আম প্রায় সমগ্ৰ ভাৰতবর্ষলৈ ৰপ্তানি হয়। কিন্তু এই মুহূর্তত কোভিডৰ বিভিন্ন বাধা-নিষেধ বলৱৎ থকাত এই আম কৃষকসকলে কেৱল মাত্র বিহাৰ, অসমৰ দৰে কেইখনমান প্রতিবেশী ৰাজ্যলৈহে তাকৰীয়া পৰিমাণত আম পঠাব পাৰিছে।
উল্লেখ্য, মুর্শিদাবাদ জিলাত মুঠ কিমান প্রকাৰৰ আম উৎপাদন হয় তাৰ সঠিক তথ্য উদ্যানশস্য বিভাগৰ হাতত নাথাকিলেও বিভিন্ন আম কৃষকৰ মতে জিলাখনত প্রায় ৪০-৫০ প্ৰকাৰৰ আম বিভিন্ন বাগানবোৰত উৎপাদন হয়। সেইবোৰৰ ভিতৰত বিখ্যাত হ’ল লেংড়া, হিমসাগৰ, চম্পা আদি।
আনহাতে, জিলাখনৰ বিভিন্ন পাইকাৰী বজাৰত আম বিক্রী কৰিবলৈ অহা আম খেতিয়কসকলে জনোৱা মতে, এই মুহূর্তত হিমসাগৰ আমৰ পাইকাৰী মূল্য ১০-১২ টকা কেজি আৰু চম্পা ১০-১৫ টকা প্ৰতি কেজি মূল্যত বিক্রী হৈছে। তেওঁলোকৰ মতে যোৱা বছৰ এই সময়ত আমৰ মূল্য দুগুণ আছিল।