ASSAM TIMES POST
গুৱাহাটীঃ বিগত ৬ মাহত অসমত ২,৩৫৯ টা দুৰ্ঘটনা সংঘটিত হৈছে য’ত ৯২৮ গৰাকী লোক নিহত আৰু ১,৯৮০ গৰাকী লোক আহত হৈছে। দ্ৰুতবেগত যান-বাহন চলোৱা, ট্ৰেফিক আইন ভংগ, হেলমেট আৰু চিট বেল্ট ব্যৱহাৰ নকৰা, সুৰাপান কৰি যান-বাহন চলোৱা আদিয়ে দুৰ্ঘটনাৰ মূল কাৰণ।–এই বক্তব্য কামৰূপ (গ্ৰাম্য) জিলাৰ পৰিবহণ বিষয়া গৌতম দাসৰ। গুৱাহাটীৰ হোটেল আৰিয়ান আতিথ্যত শুকুৰবাৰে কনজিউমাৰ লীগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু কনজিউমাৰ ভয়েছ, নতুন দিল্লীৰ উদ্যোগত অনুষ্ঠিত এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত ভাগ লৈয়ে তেওঁ এইদৰে কয়। ইয়াতে গুৱাহাটী আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই কয় যে ত্ৰিশ বছৰীয়া পুৰণি পৰিবহণ আইনৰ নতুন সংশোধিত ধাৰা সমূহে পথ দুৰ্ঘটনা ৰোধত আৰক্ষীক প্ৰভূত সহায় কৰিব। যান-বাহন আইন ভংগ কৰাসকলক বৰ্ধিত হাৰত জৰিমনা বিহাৰ ৮৯টা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে এই নতুন আইনখনত। কনজিউমাৰ ভয়েছৰ মুখ্য কাৰ্যবাহী বিষয়া অসীম সান্যালে কৰ্মশালাত নিজৰ ভাষণ প্ৰসঙ্গত প্ৰতিগৰাকী লোকৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত পৰিবহণ আইন, ২০১৯ত সংযোজিত প্ৰতিটো ধাৰা কঠোৰভাৱে ৰূপায়ণ কৰাৰ লগতে এই বিষয়ে ব্যাপক হাৰত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কনজিউমাৰ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব, অধিবক্তা অজয় হাজৰিকাই কৰ্মশালাখনত উপস্থিত থাকি কয় যে বিগত সময়ছোৱাত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা ৫০%ৰো অধিক লোকৰ বয়স ১৪ৰ পৰা ৩৫ বছৰৰ ভিতৰত। কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কামৰূপ জিলাৰ দুই পৰিবহণ বিষয়া জয়সিং ৰংফাৰ, বিক্ৰম গগৈ আৰু কনজিউমাৰ ভয়েছৰ মুখ্য প্ৰকল্প বিষয়া ৰিংকি শৰ্মাই পৰিবহণ আইন, ২০১৯ ৰ নতুন সংশোধিত ধাৰাসমূহ অসমত বলবৎ কৰি অসমত কিদৰে পথ দুৰ্ঘটনাৰপৰা ৰাইজৰ জীৱন ৰক্ষা কৰিব পাৰি সেই বিষয়ে বিস্তৃত পৰ্যালোচনা আগবঢ়ায়।