নিউজ ডেস্কঃ
আশীৰ দশকত যিসকল অভিনেত্রী জনপ্রিয়তাৰ শীৰ্ষত আছিল, তেওঁলোকৰ ভিতৰত অন্যতম হ’ল জয়াপ্রদা। বহু সৰুকালৰ পৰাই অভিনয় জগতত প্রবেশ কৰিছিল তেওঁ। তেওঁৰ পিতৃও আছিল এজন প্রযোজক। সেয়ে স্বাভাবিকভাবে শিল্পী মহলত জন্ম হৈছিল তেওঁৰ। পার্শ্বচৰিত্র আৰু মুখ্য চৰিত্র ধৰি প্রায় ৩০০ৰো বেছি ছবিত কাম কৰিছে তেওঁ। কিন্তু কেতিয়াও ৰেখা বা ৰাখিৰ দৰে সাফল্য পোৱো নাই তেওঁ। হিন্দী ভাষাৰ উপৰি তেওঁ কাম কৰি গৈছে অন্যান্য ভাষাতো।
ব্যক্তিগত জীৱনত এবাৰ আয়কৰ সংক্রান্তীয় কিছু সমস্যাত জড়িত হৈ পৰিছিল জয়াপ্রদা। প্রযোজক শ্রীকান্ত নাহাটাৰ সাহায্যত মুক্তি পাইছিল সেই সমস্যাৰ পৰা। স্বাভাবিকভাবেই তেওঁলোকৰ মাজত গঢ়ি উঠে এটি বন্ধুত্বৰ সম্পর্ক। লাহে লাহে প্রেমে পৰিণতি পায় বিবাহত। কিন্তু তেতিয়ালৈকে প্রযোজকগৰাকী আছিল বিবাহিত আৰু কোনমতেই তেওঁ প্রথম পক্ষৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব বিচৰা নাছিল।
কিন্তু ইয়াৰ পিছতো তেওঁলোক দুজনে বিবাহবন্ধনত আবদ্ধ হয়। প্রথম পত্নী থকা অৱস্থাতে দ্বিতীয়বাৰ বিয়া কৰোৱাৰ বাবে ভীষণভাবে সমালোচনাৰ সম্মুখীন হ’বলগা হৈছিল তেওঁলোক। বিয়াৰ পিছত হঠাৎ অভিনয় জগতৰ পৰা আঁতৰি আহে তেওঁ। প্রথম পক্ষৰ তিনি সন্তান থকাত জয়াপ্রদাই মাতৃত্বৰ সোৱাদ পৃথককৈ গ্রহণ কৰিবলগা হোৱা নাই৷ এক কথাত কোৱা ভাল হ’ব যে তেওঁ মা হ’ব পৰা নাছিল। সেয়ে কেতিয়াও পোৱা নাছিল পত্নীৰ মর্যাদা।
পৰৱর্তী সময়ত মাতৃৰ স্থান পাবৰ বাবে ভনীয়েকৰ সন্তানক তুলি লৈছিল আৰু নিজৰ সন্তানৰ দৰে মানুহ কৰিবলৈ আৰম্ভ কৰে। বর্তমান তেওঁ ৰাজনীতিত যোগ দিছে। নিজৰ জীৱন নতুনভাৱে আৰম্ভ কৰিছে এইগৰাকী প্রবীণ অভিনেত্রীয়ে। বিজেপিত যোগ দিয়াৰ পিছত বিভিন্ন স্থানত তেওঁক দেখা যায় প্রচাৰত। তথাপিও ইমানবোৰৰ পিছতো আমাৰ বাবে জয়াপ্রদাৰ স্থান একেবাৰেই পৃথক। আজিও তেওঁৰ বিভিন্ন চিনেমাই আমাক মুগ্ধ কৰে।