![]()
শক্তিশালী ভূমিকম্পত কঁপি উঠিল উত্তৰ–পূব জাপান। কম্পনৰ মাত্রা ৰিখটাৰ স্কেলত ৭.২। উপকূলৱর্তী এলেকাত ভূমিকম্পৰ ফলত পুনৰ ছুনামিৰ আশঙ্কা সৃষ্টি হোৱা বুলি জনাইছে দেশখনৰ সংবাদ মাধ্যমে। উল্লেখ্য, বিগত ২০১১ চনতো জাপানৰ উত্তৰ-পূবৰ উক্ত এলেকা ভূমিকম্পৰ ফলত তছনছ হৈ গৈছিল। এইবাৰ ১ মিটাৰ উচ্চতাৰ ছুনামি আহিব পাৰে বুলি ইতিমধ্যে জাৰি হৈছে সতর্কতা।
জাপানৰ বতৰ বিজ্ঞান বিভাগৰ সূত্র মতে, মিয়াগি অঞ্চলত স্থানীয় সময় মতে সন্ধ্যা ৬ বজাত প্রায় ৬০ কিলোমিটাৰ গভীৰত ৭.২ মাত্রাৰ কম্পন অনুভূত হয়। সংবাদ সংস্থাৰ সূত্র মতে, উপকূলৱর্তী এলেকাৰ তাপ বিদ্যুৎ আৰু পাৰমাণৱিক বিদ্যুৎ কেন্দ্রসমূহত বিশেষ দৃষ্টি ৰখা হৈছে। কোনো ক্ষয়-ক্ষতি হৈছে নেকি সেয়া পৰীক্ষা কৰা হৈছে। সতর্কতা জাৰি কৰি জনসাধাৰণক উপকূল এলেকালৈ যোৱাত নিষেধ কৰা হৈছে। মিয়াগিৰ দক্ষিণে ৪০০ কিলোমিটাৰ দূৰৈৰ টকিঅ’তো কম্পন অনুভূত হৈছে বুলি অনুমান কৰা হৈছে।










