
বুধবাৰে হিমস্খলনৰ (Glacier) ফলত নেপালৰ ভোটে কোশী নদী (Koshi River)ত আকস্মিক বান (Sudden flood) নামি অহাৰ সন্দেহ কৰিছে বিজ্ঞানীসকলে। প্ৰাথমিক পৰ্যবেক্ষণৰ অন্তত এদল ভূতত্ত্ববিদে কয় যে হিমস্খলনৰ বাবে শিল আৰু বৰফৰ স্তূপেৰে নদীখনৰ গতিপথ বন্ধ হৈ পৰে। জমা হোৱা পানীৰ চাপত হঠাৎ ‘অৱৰোধ’ ভাঙি যায়৷ ফলত আকস্মিক বানৰ সৃষ্টি হয়।
প্ৰাথমিক পৰ্যবেক্ষণৰ পৰা অনুমান কৰিব পাৰি যে পশ্চিম দিশত এটা হিমস্খলনে নদীখনৰ সোঁত বন্ধ কৰি দিছিল। ইয়াৰ উপৰি হিমবাহৰ গলিত পানীৰ দ্বাৰা পুষ্ট হৈ কোনো এটা হ্ৰদ ফাটি যোৱাৰ আশংকা কৰা হৈছে। বুধবাৰে নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে সংসদত কয় যে পুৱা ৮.৩৭ বজাত ভূমিকম্প সংঘটিত হয়। ইয়াৰ পিছতে হিমস্খলন ঘটে। তেওঁ কয়, “চৰকাৰে লাভ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি, ভোটে কোশীত পুৱা ৮.৪০ বজাৰ পৰা আকস্মিক বানৰ সৃষ্টি হয়। দুৰ্যোগৰ কাৰণ অনুসন্ধানৰ কাম এতিয়াও অব্যাহত আছে।”

২০১৯ চনত কৰা এক অধ্যয়নত হিমস্খলনৰ ফলত হিমবাহ ভাঙি পৰাৰ বিপদ সংকেতৰ বিষয়ে সকীয়াই দিয়া হৈছিল। ইয়াত কোৱা হয় যে জলবায়ু পৰিৱৰ্তনৰ বাবে এই শতিকাৰ আৰম্ভণিৰে পৰা প্ৰতি বছৰে হিমালয়ৰ হিমবাহত ডেৰ ফুটতকৈ অধিক বৰফ গলি আহিছে। ভাৰত, চীন, নেপাল, ভূটান, চীন দখলীকৃত তিব্বতৰ এক বিশাল অঞ্চলত ৪০ বছৰীয়া উপগ্ৰহৰ পৰ্যবেক্ষণৰ আধাৰত এই গৱেষণা পত্ৰখন ‘ছায়েন্স এডভান্সেছ’ আলোচনীত প্ৰকাশ পাইছে।
সামগ্ৰিক ছবিখন বিশ্লেষণ কৰি গৱেষকসকলে কয় যে ১৯৭৫ চনৰ পৰা ২০০০ চনলৈকে হিমালয়ৰ হিমবাহত যি বেগত বৰফ গলিছিল, সেয়া ২০০০ চনৰ বেগতকৈ দুগুণ। কলম্বিয়া বিশ্ববিদ্যালয়ৰ মুখ্য গৱেষক জোছুয়া ম’ৰাৰে কয় যে বিগত চাৰিটা দশকত হিমবাহৰ এক চতুৰ্থাংশ গলি গৈছে। লগতে হিমালয়ৰ সিপাৰে উন্নয়নৰ নামত বনাঞ্চল ধ্বংস, অপৰিকল্পিত নিৰ্মাণ, সুৰংগ নিৰ্মাণ বন্ধ নকৰিলে বাৰিষা বানপানী আৰু ভূমিস্খলনৰ সৈতে মোকাবিলা কৰাটো কঠিন হ’ব বুলিও তেওঁ কয়।













