
ভূমিকম্পৰ বাবে নহয়, নেপালৰ (Nepal) ভোটে কোশী নদীত হোৱা হিমস্খলনৰ (avalanche in the Kosi river) ফলত এই মাৰাত্মক আকস্মিক বানৰ সৃষ্টি (Sudden flood creation) হৈছে। আমেৰিকাৰ ভূতাত্ত্বিক পৰ্যবেক্ষণকাৰী সংস্থা ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল ছাৰ্ভে (USGS) এই বিষয়ে প্ৰায় নিশ্চিত। বুধবাৰে নিশা সংস্থাটোৱে জনোৱা মতে, প্ৰথম অৱস্থাত ভূমিকম্প বুলি ভবা এই কম্পনটো আচলতে হিমস্খলন আছিল। মার্কিন সংস্থাটোৱে দাবী কৰা মতে, বোকা লৈ হিমবাহে নদীৰ অৱবাহিকাৰ ফালে নামি অহাৰ সময়তে এই দুৰ্যোগৰ সৃষ্টি হয়।
আনহাতে, নেপালৰ ভোটে কোশী নদীত হোৱা আকস্মিক বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। নেপালৰ সংবাদ মাধ্যম ‘কাঠমাণ্ডু পোষ্ট’ৰ বাতৰি অনুসৰি, এই দুৰ্যোগত এতিয়ালৈকে কমেও ১৫৭ জন লোকৰ মৃত্যু হৈছে। বহু এতিয়াও সন্ধানহীন হৈ আছে। বুধবাৰৰ নিশালৈকে ৪৬৮ জন পৰ্যটক নিৰুদ্দেশ হোৱা বুলি নেপাল পৰ্যটন বিভাগৰ মুখপাত্ৰ সুৰজ ঘিমিৰে জানিবলৈ দিয়ে। মুখপাত্ৰগৰাকীৰ উদ্ধৃতিৰে এ এফ পি সংবাদ সংস্থাই প্ৰকাশ কৰিছে যে ৪৬৮ জন লোকৰ ভিতৰত ৩৯৩ জন লোক বিভিন্ন দেশৰ নাগৰিক। আনহাতে, ৭৫ জন নেপালী। ইয়াৰে ১৪১ জন ভাৰতীয় (৩৭ জন প্ৰবাসীকে ধৰি)। তেওঁলোকক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। কাঠমাণ্ডু পোষ্টৰ বাতৰি অনুসৰি, তেওঁলোক আটাইকেইজনেই কৈলাস-মানসৰোবৰ ভ্ৰমণলৈ গৈ আছিল। চীনৰ সংবাদ মাধ্যমৰ উদ্ধৃতিৰে এ পি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, চীনৰ দখলকৃত তিব্বতত এই আকস্মিক বানৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে। সন্ধানহীন হৈছে কমেও ৫৫৮ জন লোক।
নেপালৰ তিব্বতৰ গাতে লাগি থকা এখন জিলা ৰসুৱাত আকস্মিক বানৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। কম পৰিমাণে হ’লেও নুৱাকোট আৰু ধাৰিং জিলাতো ক্ষতিগ্ৰস্ত হৈছে। নেপাল সীমান্তৰ সমীপৱৰ্তী তিব্বতৰ স্থল বন্দৰ জিৰাঙত বোকামাটিৰ প্ৰবল প্ৰবাহৰ ফলত দুৰ্যোগ আৰু প্ৰাণ হেৰুওৱাৰ খবৰ আহিছে। নেপালী সংবাদ মাধ্যমৰ এটা অংশই আশংকা কৰিছে যে আগন্তুক ২৪ ঘণ্টাত মৃত আৰু নিৰুদ্দেশৰ তালিকা দীঘলীয়া হ’ব পাৰে।

কাঠমাণ্ডুৰ পৰা প্ৰায় ১২৫ কিলোমিটাৰ নিলগত অৱস্থিত ৰসুৱাত প্ৰায় ৫০ হাজাৰ লোক বাস কৰে। তিব্বতৰ পৰা নেপালত প্ৰৱেশ কৰি এই জিলাৰ মাজেৰে ভোটে কোশী নদী বৈ যায়। বুধবাৰে পুৱা ৮.৩০ বজাৰ কিছু সময়ৰ পিছতে হঠাৎ বৃদ্ধি পায় নদীখনৰ জলপৃষ্ঠ। স্থানীয় কৰ্তৃপক্ষই অনুমান কৰিছে যে তিব্বতৰ ফালৰ পৰা বানৰ পানী প্ৰৱেশ কৰিছে। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, চীনৰ সীমান্তৱৰ্তী টাইমুৰ আৰু ছাব্ৰুবেছি অঞ্চল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ৰাসুৱাৰৰ জিলা দণ্ডাধীশ নগেন্দ্ৰ পাৰিয়াৰে ৰয়টাৰক জনোৱা মতে, কেইবাখনো গ্ৰামাঞ্চল জাহ গৈছে। ইয়াৰ মাজতে ব্যাপক সা-সম্পত্তিৰ ক্ষতি আৰু যথেষ্ট পৰিমাণৰ হতাহতৰ আশংকা আছে বুলিও তেওঁ কয়। বুধবাৰে সংসদত নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে কয় যে পুৱা ৮.৩৭ বজাত ভূমিকম্প হয়। তাৰ পিছতে হিমস্খলন হয়। কিছু মিনিটৰ ভিতৰতে আকস্মিক বান নামি আহে।
কিন্তু ইউ এছ জি এছৰ মতে, পুৱা ৮.৩৭ বজাত নেপাল-তিব্বত সীমান্তত কোনো ধৰণৰ ভূমিকম্প হোৱা নাছিল। ৪.৪ প্ৰাবল্যৰ ভূমিকম্প বুলি গণ্য কৰা এই ঘটনাটো আচলতে আছিল হিমস্খলনৰ ফলত হোৱা ভূমিস্খলন আৰু বোকাময় প্ৰবাহ। প্ৰাথমিক পৰ্যবেক্ষণৰ অন্তত এদল ভূতত্ত্ববিদে কয় যে হিমস্খলনৰ বাবে শিল আৰু বৰফৰ স্তূপেৰে নদীখনৰ গতিপথ বন্ধ হৈ পৰিছে। জমা হোৱা পানীৰ চাপত হঠাৎ ‘অৱৰোধ’ ভাঙি যায় ৷ ফলত আকস্মিক বানৰ সৃষ্টি হয়।
নেপালত প্ৰৱেশ কৰাৰ পিছত ভোটে কোশী নদী ত্ৰিশূলী নদীৰ লগত মিলি যায়। দুৰ্যোগৰ বাবে স্থানীয় প্ৰশাসনে ত্ৰিশূলী নদীৰ কাষৰীয়া অঞ্চলসমূহতো এক সতৰ্কবাণী জাৰি কৰিছে। নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নদীৰ পাৰৰ ৰাসুৱা, নুৱাকোট, ধাদিং, চিতৱান আৰু গোৰ্খাৰ বাসিন্দাসকলক সজাগ হ’বলৈ কয়। সাধাৰণ জনতাক নদীৰ পাৰৰ অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে ২০১৯ চনত কৰা এক অধ্যয়নত হিমালয়ৰ বিভিন্ন প্ৰান্তত হিমস্খলনৰ ফলত হিমবাহ ভাঙি পৰাৰ আশংকাৰ সতৰ্কবাণী দিয়া হৈছিল। ইয়াত কোৱা হৈছিল যে জলবায়ু পৰিৱৰ্তনৰ বাবে এই শতিকাৰ আৰম্ভণিৰে পৰা প্ৰতি বছৰে হিমালয়ৰ হিমবাহত ডেৰ ফুটতকৈ অধিক বৰফ গলি আহিছে। ভাৰত, চীন, নেপাল, ভূটান, চীনৰ দখত থকা তিব্বতৰ এক বিশাল অঞ্চলত ৪০ বছৰীয়া উপগ্ৰহৰ পৰ্যবেক্ষণৰ আধাৰত এই গৱেষণা পত্ৰখন ‘ছায়েন্স এডভান্সেছ’ আলোচনীত প্ৰকাশ পাইছে। সামগ্ৰিক ছবিখন বিশ্লেষণ কৰি গৱেষকসকলে কয় যে ১৯৭৫ চনৰ পৰা ২০০০ চনলৈকে হিমালয়ৰ হিমবাহত বৰফ গলি যোৱাৰ গতি ২০০০ চনৰ পৰা দুগুণ হৈছে। ইফালে, তিব্বতৰ মানসৰোবৰ হ্ৰদৰ ওচৰৰ আনচি হিমবাহৰ পৰা উৎপত্তি হোৱা ইয়াৰলুং ছাংপো নদীৰ তলৰ অৱবাহিকাত চীনৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণক লৈ নতুন প্ৰশ্নৰ উত্থাপন হৈছে। তিব্বতৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ পিছত এই য়াৰলুং ছাংপোৰ নাম হ’ল ব্ৰহ্মপুত্ৰ। আকৌ ব্ৰহ্মপুত্ৰই বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত যমুনা নাম পায়। ফলত যদি আকস্মিক বানে চীনৰ বান্ধত দুৰ্যোগৰ সৃষ্টি কৰে তেন্তে ভাৰত আৰু বাংলাদেশতো ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।













