![]()
নিউজ ডেস্কঃ
দুর্গা আহিব এইবাৰ শত্রু বিনাশিবলৈ। জুই লগাব দুর্গাই। অৱশ্যে দেৱী দুর্গা নহয়, ভাৰতৰ নতুন সামৰিক অস্ত্র ‘দুর্গা’ৰ কথাহে কোৱা হৈছে। অত্যাধুনিক এই সামৰিক লেজাৰ ক্ষেপণাস্ত্ৰটি নিৰ্মাণ কৰিছে প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই। দুর্গা এটি অতি শক্তিশালী লেজাৰ গান। এই লেজাৰৰ খুন্দাত নিমিষতে পুৰি ছাই হৈ যাব শত্রু শিবিৰৰ ড্রোন, যুদ্ধবিমান, জাহাজসহ বাঙ্কাৰ।
গধুৰ অস্ত্র নহয়, এতিয়া লেজাৰ ৰশ্মিৰ সহায়তেই ধ্বংস কৰিব পৰা যাব শত্রু শিবিৰক। এনে ধৰণৰ অস্ত্রক কোৱা হয় হাই পাৱাৰ এনার্জি ৱেপন বা ডিৰেক্ট এনার্জি ৱেপন। ৰশ্মিৰ মাধ্যমেৰে ইলেক্ট্রনৰ স্রোত গৈ ভস্মীভূত কৰিব বিপক্ষক।
ইতিমধ্যে ভাৰতত গোপনে এই অস্ত্র নিৰ্মাণৰ কাম আৰম্ভ হৈ গৈছে। চলিছে নানা পৰীক্ষা-নিৰীক্ষা। Directionally Unrestricted Ray-Gun Array নামৰ লেজাৰ অস্ত্ৰবিধ নিৰ্মাণ কৰিবলৈ প্রতিৰক্ষা মন্ত্ৰালয়ৰ পৰা ১০০ মিলিয়ন মার্কিন ডলাৰ বিচাৰিছে ডিআৰডিওই। প্রায় ১০০ কিলোৱাট ক্ষমতাৰ ‘দুর্গা’ অস্ত্রটি এয়াৰক্রাফট, টেঙ্ক আৰু জাহাজত বহুৱাইয়ে চলাব পৰা যাব।
দিল্লীৰ লেজাৰ ছায়েন্স এণ্ড টেকনোলজি চেন্টাৰত চলিছে ইয়াৰ ডিজাইন প্ৰস্তুতৰ কাম। ইয়াৰ পৰিকল্পনা আৰম্ভ হয় ২০০০ চনত। ২০১৭ চনত চিত্রদুর্গত ট্রাকৰ ওপৰত বহুৱাই এটি ১ কিলোৱাটৰ লেজাৰ অস্ত্ৰ পৰীক্ষা কৰে ডিআৰডিওই। জানিব পৰা মতে, দুর্গাই বেলেষ্টিক মিছাইলৰ ক্ষমতাও নষ্ট কৰিব পাৰে। ফলত শত্রু শিবিৰত কঁপনি তুলিবলৈ ভাৰতীয় সেনাক সহায় কৰিবলৈ আহিছে ‘দুর্গা’।










