![]()
নিউজ ডেস্কঃ
ভৰিত আঘাত পোৱাৰ পিছতো জিলাই জিলাই সভা কৰিলে তৃণমূলৰ প্ৰধান মমতা বেনাৰ্জীয়ে। সকলো সভালৈ হুইল চেয়াৰৰ সহায়েৰেই গ’ল নেত্রীগৰাকী । শনিবাৰে গৰবেতা, কেচিয়াড়ি আৰু কলাইকুণ্ডাত ইখনৰ পিছত সিখন সভাত উপস্থিত থাকিলে মমতা বেনাৰ্জী। কলাইকুণ্ডাত বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে মমতাই। কয় যে “মোৰ ভৰিয়েই নষ্ট কৰি পেলোৱাৰ চেষ্টা কৰা হৈছিল”৷
বৰ্তমানলৈকে প্রায় সকলো সভাতেই ভৰিৰ আঘাতক লৈ মন্তব্য কৰিছে তেওঁ। কলাইকুণ্ডাৰ জনসভাত তেওঁ কয়,“ মই নাহিলে বাংলা দখল কৰি ল’ব বিজেপিয়ে।’
উল্লেখ যোগ্য যে, নন্দীগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে যাওঁতে বেনাৰ্জীৰ ওপৰত শাৰীৰিক আক্ৰমণ হৈছিল ৷ যদিও সেয়া পূৰ্ব পৰিকল্পিত আক্ৰমণ নাছিল বুলি পিছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰে ৷
ইয়াৰোপৰি, নেত্রীগৰাকীয়ে তপশিলী জাতিৰ কথাও উত্থাপন কৰিছে ৷ নিবনুৱা হ্রাস, শিক্ষা, ভাট্টা ইত্যাদি বিষয়তো কথা কৈছে তেওঁ ৷ কেৱল সেয়ে নহয়. ১০ বছৰত তৃণমূলে কি কি কাম কৰিছে সেই কথাও উল্লেখ কৰিছে মমতা বেনাৰ্জীয়ে ।










