নিউজ ডেক্স:
উত্তৰাখণ্ডত সদ্য মুখ্যমন্ত্রী পদত অধিষ্ঠিত হৈছে তিৰথ সিং ৰাৱট। বিজেপিৰ এইজন নেতাক কেন্দ্ৰ কৰি বহু আলোচনা-বিতৰ্ক হৈছে যোৱা বহুদিন ধৰি।
এইবাৰ তেওঁৰ মন্তব্যত পুনৰ বিতর্কৰ সৃষ্টি হৈছে। তেওঁ কয় যে, বিমানত এক সমাজসেৱী মহিলাক ৰিপড জিনছ পৰিধান কৰা দেখি তেওঁ অবাক হৈছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্রীৰ দাবী, মহিলাৰ সৈতে আছিল মহিলাগৰাকীৰ সন্তানকেইটাও।যিয়ে অধিক অবাক কৰিলে উত্তৰপ্রদেশৰ মুখ্যমন্ত্রীক।সেই মহিলাৰ প্রসঙ্গ টানি আনি তিৰথ সিং ৰাৱটে কয়, ‘ এই ধৰণৰ মহিলাসকল যদি সমাজত বাহিৰলৈ ওলাই আহে, আৰু তেওঁলোকৰ সমস্যাৰ সমাধান কৰাৰ কথা কয়, তেন্তে কোন ধৰণৰ বার্তা আমাৰ সমাজক দিব, বা আমাৰ সন্তানসকলক দিব? এয়া ঘৰৰ পৰাই আৰম্ভ হয়।
যি সন্তানে ঘৰত সঠিক সংস্কৃতিৰ পাঠ পায়, সেই ল’ৰা-ছোৱালী যিমানেই আধুনিক নহওক কিয়, জীৱনত কেতিয়াও ব্যর্থ নহয় ৷’ ৰাৱটৰ দাবী যে, পশ্চিমীয়া সভ্যতাৰ প্ৰভাৱ বৰ্তমানৰ দুষ্কাৰ্যবোৰৰ মূল ৷
বিজেপি শাসিত উত্তৰাখণ্ডৰ নব্য নিৰ্বাচিত মুখ্যমন্ত্রীৰ এই বার্তা শুনি স্বাভাৱিকতেই তোলপাৰ লাগিছে ৰাজনৈতিক মহলত। বিতর্কৰো মুখামুখি হ’ব লগা হৈছে।










