নিউজ ডেক্স:
সাধুকথাৰ দৰে ঘটনা বাস্তৱত ঘটিল বংগৰ ঠাকুৰগাঁৱৰ এগৰাকী স্কুল শিক্ষকৰ জীৱনত। গুপ্তধনৰ সন্ধান ওলাল নিজৰেই ঘৰৰ ভেটিৰ তলত! যাক লৈ এতিয়া অঞ্চলটোত তুমুল চৰ্চা চলিছে।
ঠাকুৰগাঁও সদৰ মহকুমাৰ ৰাজাৰামপুৰ গাঁৱত স্কুল শিক্ষকজনৰ ঘৰৰ মাটিৰ তলত এটি পিতলৰ কলহৰ পৰা উদ্ধাৰ হয় ১৪৩টা মুদ্রা।
সোমবাৰে নিশা গাঁওখনৰ শিক্ষক কেশৱ চন্দ্র বর্মনৰ ঘৰৰ পৰা এই মুদ্রাবোৰ উদ্ধাৰ হয়। তেওঁ পঞ্চগড় জিলাৰ আটোৱাৰী মহকুমাৰ বলৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক।
ঘটনা সন্দৰ্ভত ৰুহিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্তৰঞ্জন ৰায়ে কয়, অনুমান কৰা হৈছে মুদ্রাবোৰ দস্তা, ধাতৱ আৰু ৰূপ মিশ্রিত। ফৰাচী আৰু ইংৰাজীত লিখা আছে মুদ্রাৰ পিঠিত। উদ্ধাৰ কৰা মুদ্রাখিনি প্রত্নতাত্ত্বিক বিভাগত জমা দিয়া হ’ব।
অঞ্চলটোৰ লোকসকলৰ উদ্ধৃতি দি চিত্তৰঞ্জন ৰায়ে কয় যে কেশৱ চন্দ্র বর্মনৰ ঘৰৰ বাথৰুমৰ শ্লেব বহুওৱাৰ বাবে মাটি খনন কৰিছিল কেইজনমান শ্রমিকে।
খননৰ এটা পর্যায়ত ঢাকনিযুক্ত এটি পিতলৰ কলহ বাহিৰ হয়। শ্রমিকসকলে কলহটো খুলি ভিতৰত প্রাচীন মুদ্রাবোৰ দেখা পায়।পিছত প্রায় ৩ কেজি ওজনৰ ওই কলহটো কেশৱ চন্দ্র বর্মনক হস্তান্তৰ কৰে শ্রমিকসকলে।










