![]()
নিউজ ডেস্কঃ
সম্প্ৰতি প্ৰকাশিত এটি ৰিপোর্টত দাবী কৰা হৈছে যে বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৩০খন চহৰৰ ভিতৰত ২২খন ভাৰতৰেই। মঙ্গলবাৰে বিশ্বত বায়ু প্ৰদূষণ সন্দৰ্ভত এটি ৰিপোর্ট প্রকাশ কৰিছে IQAir নামৰ ছুইজাৰলেণ্ডৰ এটি সংস্থাই। ‘ৱর্ল্ড এয়াৰ কোৱালিটি ৰিপোর্ট ২০২০’ শীর্ষক ৰিপোর্টত ভাৰতত বায়ু প্ৰদূষণৰ ভয়াৱহ ছবি প্ৰকাশ পাইছে। ১০৬খন দেশৰ ওপৰত সমীক্ষা চলাই কোৱা হৈছে, বিশ্বৰ সকলোতকৈ প্ৰদূষিত ৩০খন চহৰৰ ভিতৰত দিল্লীসহ ২২খন ভাৰতৰ। দিল্লীৰ উপৰি বাকী চহৰবোৰৰ ভিতৰত আছে, গাজিয়াবাদ, বুলন্দচহৰ, বিশৰাখ, জালালপুৰ, নয়ডা, গ্রেটাৰ নয়ডা, কানপুৰ, লক্ষ্ণৌ, মিৰাট, আগ্রা, মুজফ্ফৰনগৰ, ভিৱাৰী, ফৰিদাবাদ, জিন্দ, হিচাৰ, ফতেহাবাদ, বান্ধৱাৰী, গুড়গাঁও, যমুনা নগৰ, ৰোহতক, দাৰুহেৰা, মুজফ্ফৰপুৰ। বিশ্বৰ সকলোতকৈ প্ৰদূষিত ৰাজধানীৰ তালিকাত শীর্ষত আছে দিল্লী।
অৱশ্যে বিগত বছৰৰ তুলনাত চহৰখনত বায়ু প্ৰদূষণৰ পৰিমাণ প্রায় ১৫ শতাংশ কমিছে। ভাৰতত বায়ু প্ৰদূষণৰ সকলোতকৈ ডাঙৰ কাৰণ হিচাবে যান-বাহনৰ পৰা নির্গত ধোঁৱাক চিহ্নিত কৰা হৈছে। ইয়াৰ উপৰি বিদ্যুৎ উৎপাদন, কল-কাৰখানাৰ কাম, কৃষি ইত্যাদিও প্ৰদূষণৰ অন্যতম কাৰণ। আনহাতে, IQAirৰ ৰিপোর্টত বিশ্বৰ সকলোতকৈ প্ৰদূষিত চহৰবোৰৰ তালিকাৰ শীর্ষত আছে চীনৰ শিনজিয়াং। তাৰ পিছতেই আছে গাজিয়াবাদ। ইয়াৰ পিছত সকলোতকৈ প্ৰদূষিত চহৰৰ তালিকাত আছে বুলন্দচহৰ, বিশৰাখ, জালালপুৰ, নয়ডা, গ্রেটাৰ নয়ডা, কানপুৰ, লক্ষ্ণৌ, ভিৱাৰী।
২০১৭ চনত ‘লান্সেট’ত প্রকাশিত এক ৰিপোর্ট অনুযায়ী, ভাৰতত বায়ু প্ৰদূষণত প্রতি মিনিটত দুজনকৈ লোকৰ মৃত্যু হৈছে। অর্থাৎ বিগত বছৰত এই সংখ্যা কেইবা লাখ অতিক্ৰম কৰি গৈছে।










