![]()
নিউজ ডেস্কঃ
দৈনিক সংক্রমণ বৃদ্ধিত ইতিমধ্যে উদ্বেগ বিয়পিছে সমগ্ৰ দেশজুৰি। সময় থাকোতে কৰোনা সংক্রমণৰ ‘দ্বিতীয় ঢৌ’ ৰুধিবলৈ নোৱাৰিলে পৰিস্থিতি ভয়ানক হ’ব পাৰে৷ ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে ভার্চুৱেল বৈঠকত সতর্ক বার্তা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। কন্টেইনমেন্ট জোনক সৰু সৰু ভাগত ভাগ কৰি কঠোৰ পদক্ষেপ গ্ৰহণৰ লগতে কৰোনা পৰীক্ষা আৰু মাস্ক ব্যৱহাৰৰ ক্ষেত্রত নিয়ম–কানুন আৰম্ভ কৰাৰো পৰামর্শ দিয়ে তেওঁ।
ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ উদ্দেশ্যে প্রধানমন্ত্রীয়ে কয়, ‘অতিমাৰীক এতিয়াই ৰুধিব নোৱাৰিলে সমগ্ৰ দেশতেই আকৌ বিয়পি পৰিব। দ্বিতীয় ঢৌ ৰুধিবলৈ এতিয়াৰ পৰাই ডাঙৰ আৰু জৰুৰী পদক্ষেপ আমি গ্ৰহণ কৰিব লাগিব।’ আজিৰ বৈঠকত উপস্থিত নাথাকে বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ।
উল্লেখ্য, বিগত ২৪ ঘন্টাত দেশত প্রায় ২৯ হাজাৰজনৰ শৰীৰত নতুনকৈ কৰোনা ধৰা পৰিছে, যিটো বিগত ৮১ দিনত সর্বোচ্চ। পুনৰ নতুনকৈ সংক্রমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে মহাৰাষ্ট্র, কেৰালা, পঞ্জাব, কর্নাটক আৰু গুজৰাটত।
আজি প্রধানমন্ত্রীয়ে কয়, ‘যি আত্মবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি প্রাথমিকভাবে অতিমাৰীক ৰোধা গৈছিল, সেয়া যেন অতিবিশ্বাসলৈ সলনি হৈ নাযায়। এই পৰিস্থিতিত কোনোভাবেই অসতর্ক হ’ব নোৱাৰি।’ সংক্রমণ কমা দেখি বহু স্থানত কোভিড পৰীক্ষা তুলনামূলকভাৱে কমাই অনা হৈছে। সেয়া যেন পুনৰ পুৰ্ণোদ্যমে আৰম্ভ কৰা হয়, সেই বিষয়তো পৰামর্শ দিয়ে প্রধানমন্ত্রীয়ে। তেওঁ কয়, ‘৭০ শতাংশৰ বেছি পৰীক্ষা আৰটি–পিচিআৰ পদ্ধতিতেই হোৱা উচিত। ৰেপিড এন্টিজেন টেষ্টৰ ওপৰত বিশেষ ভৰসা নৰখাই ভাল।’










