![]()
নিউজ ডেস্কঃ
মাৰ্কিন যুক্তৰাষ্ট্রৰ আটলান্টাৰ ৩টা স্থানত অজ্ঞাত বন্দুকধাৰীৰ আক্ৰমণত প্ৰায় ৮ জন নিহত হৈছে। ইয়াৰ ভিতৰত ৪ গৰাকী মহিলা আৰু এটি শিশু আছে। ইয়াৰ উপৰি গুৰুতৰভাৱে আহত হৈছে এজন। তেওঁলোকৰ ভিতৰত ৬ গৰাকীয়েই এছিয়ান।
মঙ্গলবাৰে চহৰখনৰ ৩টা স্পা চেণ্টাৰত বন্দুকেৰে আক্ৰমণৰ ঘটনাৰ সাক্ষী ৰ’ল চহৰখনৰ বাসিন্দা। জর্জিয়াত বিয়লি ৫ বজাত আৰম্ভ হয় হত্যালীলা। তাত ৪ জনক হত্যা কৰাৰ পিছত পৰৱৰ্তী ঘটনাটি ঘটে ৪০ মেইল নর্থ আটলান্টাত।
গ’ল্ড স্পা বিউটি চেলুনত ঘটনাটি ঘটাৰ পিছত তাত আৰক্ষীয়ে গৈ ৩ গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। গুলীচালনা কাণ্ডত মৃত্যুৰ ঘটনাত আৰক্ষীয়ে আটলান্টাৰ পৰা ডেৰশ মাইল দক্ষিণে জর্জিয়াৰ উডষ্টকৰ পৰা আটক কৰে অভিযুক্তক।
২১ বছৰীয়া ৰবার্ট আৰন লং নামৰ এজন ব্যক্তিক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। কি উদ্দেশ্যত এই আক্ৰমণ চলোৱা হ’ল সেই বিষয়ত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। নিউয়র্ক আৰক্ষী বিভাগৰ এনকাউন্টাৰ গোটে এছিয়ানসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ গিৰহণ কৰা বুলিও সূত্রত প্ৰকাশ।










