![]()
নিউজ ডেস্কঃ
দেশজুৰি চলিছে বেঙ্ক ধর্মঘট। দুটা বেঙ্কক ব্যক্তিগতকৰণৰ প্রতিবাদত একেৰাহে দুদিন ধৰি ধর্মঘট পালন কৰিছে ‘ইউনাইটেড ফোৰাম অব বেঙ্ক ইউনিয়ন’-এ। ধর্মঘটৰ দ্বিতীয় দিনা কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে জনালে, ‘দেশৰ সকলো ৰাষ্ট্রায়ত্ত বেঙ্কক ব্যক্তিগতকৰণ কৰা নহয়। আৰু যি দুটি বেঙ্কক ব্যক্তিগতকৰণ কৰা হৈছে তাত অৱশ্যেই কৰ্মচাৰীসকলৰ স্বার্থৰক্ষাৰ বিষয়টি মনত ৰাখিয়েই কৰা হৈছে। কোনো কাৰণতেই কৰ্মচাৰীসকলৰ স্বার্থ ৰক্ষাৰ বিষয়টি উপেক্ষিত নহ’ব। সামূহিকভাবে বেঙ্কবোৰৰ উন্নয়নৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। কেন্দ্রীয় চৰকাৰে কেতিয়াও বেঙ্ক বিক্ৰী কৰি দিয়া নাই বা কৰ্মচাৰীসকলৰ কোনো দায়িত্ব যে আৰু চৰকাৰে নলয় তেনে নহয়। যথেষ্ট চিন্তা-ভাবনা কৰি কেন্দ্রই এনে ধৰণৰ সিদ্ধান্ত লোৱাৰ পথত আগবাঢ়িছে। কৰ্মচাৰীসকলৰ স্বার্থ ৰক্ষাৰ বিষয়টি যথেষ্ট গুৰুত্ব দিয়ে ভাবিছে কেন্দ্রীয় চৰকাৰে।’










