![]()
নিউজ ডেস্কঃ
সাধাৰণতে দেখা যায় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীসকলে নিজৰ সম্পত্তি তথা ধনৰ তথ্য লুকুওৱাৰ চেষ্টা কৰে৷ কিন্তু আগন্তুক তামিলনাডুৰ বিধানসভা নিৰ্বাচনত দেখা গ’ল ইয়াৰ বিপৰীত ছবি৷ মঙলবাৰে নিজৰ মনোনয়ন দাখিল কৰিবলৈ অহাৰ সময়ত এগৰাকী প্ৰাৰ্থীয়ে পৰিধান কৰি আহে যথেষ্ট গধুৰ সোণৰ অলংকাৰ৷ গধুৰ মানে তেওঁৰ ডিঙি ভৰাই পিন্ধি অহা অলংকাৰৰ ওজন ৫ কেজি ! হৰি নাডাৰ নামৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে আলাংগুলাম সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে৷ লগতে নিজৰ শপতনামাত হৰি নাডাৰে উল্লেখ কৰে যে তেওঁ ১১.২ কেজি সোণৰ গৰাকী৷ উল্লেখ্য, অহা ৬ এপ্ৰিলত তামিলনাডুত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷










