![]()
নিউজ ডেস্কঃ
ভাৰত চৰকাৰে মুকলি কৰিলে ৰেচন সংগ্ৰহ কৰাৰ এপ্। এপ্টোৰ নাম Mera Ration App। ইয়াৰ মাধ্যমেৰে ৰেচন সংগ্ৰহ কৰা এতিয়া যথেষ্ট সহজ। মূলতঃ প্ৰব্ৰজনকাৰী শ্রমিকসকলৰ ৰেচন সংগ্ৰহ সহজ কৰিবলৈ এই উদ্যোগ। এক দেশ এক ৰেচন কাৰ্ডৰ প্রকল্পক দৃঢ় কৰিবলৈএপ্ৰ মাধ্যমেৰে ৰেচন দিয়াৰ বাবে এপ্ মুকলি কৰিলে কেন্দ্রই।

যিসকল কৰ্মসূত্রে এখন ঠাইৰপৰা অন্য এখন ঠাইলৈ যায়, তেওঁলোকে এপ্ৰ মাধ্যমেৰে প্রতি মাহত ৰেচন সংগ্ৰহ কৰিব পাৰিব। প্রত্যেকজন লোককে ২ কেজি চাউল ২ কেজি গমসহ প্রতি মাহে মুঠ ৫ কেজি খাদ্য দিয়ে ভাৰত চৰকাৰে। ৫.৪ লাখৰো অধিক ৰেচন বিতৰণ কৰা দোকান আছে সমগ্ৰ দেশ জুৰি।
ভাৰতীয় খাদ্য সুৰক্ষা আইনৰ আওতাত প্রতি কেজিত ১-৩ টকা দৰত চাউল দাইল সৰবৰাহ কৰা হয়। ৮১ কোটি লোকলৈ খাদ্য সৰবৰাহ কৰা হয় ৰেচন দোকানসমূহৰ পৰা।

এপ্টোৰ মুখ্য সুবিধাসমূহ হ’ল- প্ৰত্যেকজন ব্যক্তিক ৰেচনৰ নম্বৰ আৰু মোবাইল নম্বৰ এপ্টোত পঞ্জীয়নভুক্ত কৰিলেই জনোৱা হ’ব কেতিয়া ক’ত ৰেচন পাব, সেয়া জানিব এপ্টোৰ মাধ্যমেৰেই। এপ্টোৰ মাধ্যমেৰে জানিব পাৰিব, ব্যক্তি এজনৰ বাসস্থানৰ নিকটৱৰ্তী কোন ঠাইত ৰেচন দোকান আছে। আধাৰ কার্ড নম্বৰো পঞ্জীয়নভুক্ত কৰিব লাগিব উক্ত এপ্ত। ১৪ টা ভাষাত ব্যৱহাৰ কৰিব পাৰিব নতুন এই এপ্টো।










