![]()
নিউজ ডেস্কঃ
পানাজিৰ নেচনেল ইনষ্টিটিউট অব ওছিয়ানোগ্রাফি (National Institute of Oceanography)ৰ ৩০ জন বিজ্ঞানী তথা গৱেষকে আগন্তুক তিনি মাহ সমুদ্ৰৰ গৰ্ভত কটাবলৈ আগবাঢ়িছে। ডুবাৰু জাহাজ সিন্ধু সাধনাৰ অভ্যন্তৰত দিন কটাব তেওঁলোকে। কেৱল এই ৩০ জন বিজ্ঞানীয়ে নহয়, এই অভিযানত ৩০ জন ক্রিউ সদস্যও এই সময়খিনি সমুদ্রৰ তলত থাকিব। সিন্ধু সাধনা ডুবাৰু জাহাজখনক তেওঁলোকে পৰিচালনা কৰিব যাতে বিজ্ঞানীকেইগৰাকীয়ে নিশ্চিন্ত মনে গৱেষণা চলাই নিব পাৰে। ২-৩ বছৰৰ নিৰন্তৰ আলোচনাৰ পিছত অৱশেষত এই প্রকল্প বাস্তৱায়িত হ’বলৈ আগবাঢ়িছে। ইয়াৰ বাবে অনুদান ঘোষণা কৰা হৈছে ২৫ কোটি টকা। সংবাদ মাধ্যমক এই কথা জনাইছে নেচনেল ইনষ্টিটিউট অব ওচিয়ানোগ্রাফিৰ প্রধান সুনীল কুমাৰ সিঙে। তেওঁ কয় যে সমুদ্রগর্ভত ১০ হাজাৰ নটিকেল মাইলজুৰি এই গৱেষণা চলিব।
জানিব পৰা মতে, সাগৰৰ গৰ্ভৰ জীৱ-বৈচিত্র্য সম্পর্কে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাব তেওঁলোকে। ভাৰতৰ পূব উপকূলৰ পৰা আৰম্ভ কৰি অষ্ট্ৰেলিয়া, মৰিছাছৰ পোর্ট লুইৰ পৰা পাকিস্তান পর্যন্ত গন্তব্য পথ বাছি লোৱা হৈছে। গড়ে ৫ কিলোমিটাৰ পর্যন্ত গভীৰতাত তেওঁলোকে সমুদ্র গর্ভৰ অণুজীৱ সন্দৰ্ভত জেনোম মেপিং কৰিব। যাতে বিশ্ব উষ্ণায়ন, মানুহৰ জনসংখ্যা বৃদ্ধিৰ দৰে বিষয়বোৰে কেনেদৰে সামুদ্রিক পৰিৱেশতন্ত্রত প্রভাৱ পেলাইছে সেয়া নিৰীক্ষণ কৰি বুজাৰ চেষ্টা কৰিব। যেনেদৰে ৰক্ত পৰীক্ষাৰ মাধ্যমেৰে মানুহৰ ডিএনএ বা জিন মেপিঙৰ কাম সম্পন্ন হয়, তেনেদৰেই এই সমুদ্রৰ তলৰ মাইক্রোববোৰৰ জেনোম মেপিং কৰা হ’ব।










