![]()
নিউজ ডেস্কঃ
নিৰ্বাচনত অৱতীৰ্ণ হ’ব অভিনেতা তথা প্রাক্তন ৰাজ্যসভাৰ সাংসদ মিঠুন চক্রৱর্তী। বিজেপিৰ মুখ্যমন্ত্রী পদৰো প্রার্থী হ’ব তেৱেঁই। বিজেপি সূত্রৰ খবৰ মতে, মোহন ভগৱতেই মধ্যস্ততা কৰে মিঠুন আৰু বিজেপিৰ মাজত। মিঠুনে আৰম্ভণিতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰিলেও অৱশেষত দেওবাৰে নিশা সিদ্ধান্ত হয় তেওঁ নিৰ্বাচন খেলিব কলকাতাৰ এটি সমষ্টিৰ পৰা। কিন্তু বাধা হৈছে তেওঁৰ ভোটাৰ কার্ডক লৈ। নিয়ম অনুযায়ী বংগতত ভোটাধিকাৰ প্রয়োগ কৰিব নোৱাৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব তেওঁ। সেয়ে মহাৰাষ্ট্রৰ ভোটাৰ তালিকাৰ পৰা নিজৰ নাম কাটি ৰাজ্যখনৰ ভোটাৰ তালিকাত নাম নথিভূক্ত কৰাবলৈ উঠি-পৰি লাগিছে আৰু মুম্বাইলৈ যাত্ৰা কৰিছে মিঠুনে।
উল্লেখ্য, অভিনেতা তথা বিজেপি নেতা মিঠুন চক্রৱর্তীয়ে বিজেপিত যোগ দিয়াৰ পিছতেই ৱাই প্লাছ কেটেগৰিৰ সুৰক্ষা লাভ কৰে। বিজেপিত যোগদানৰ দুদিন পিছতেই কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে তেওঁক এই সুৰক্ষা প্ৰদান কৰে। তেওঁৰ নিৰাপত্তাৰ দায়িত্বত আছে কেন্দ্রীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চিআইএছএফ)।
আনহাতে, দেওবাৰে প্রার্থী ঘোষণাৰ জৰিয়তে চাৰিখন মুখক সন্মুখত ৰাখি সম্ভাব্য মন্ত্রীসভা জনগণৰ সন্মুখত দাঙি ধৰিছে ভাৰতীয় জনতা পার্টিয়ে। বিজেপি সূত্রৰ খবৰ, এনে সিদ্ধান্ত লৈছে স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। সেই কাৰণেই বংগৰ ৪ বিজেপি সাংসদক বিধানসভা নিৰ্বাচনত যুঁজিবৰ বাবে পঠোৱা হৈছে। বিজেপিৰ দাবী, জয়ক লৈ আৰু কোনো সংশয় নাই। প্ৰায় ২০০ আসনত জয়ী হৈ বংগত ক্ষমতা দখল কৰিবলৈ আগবাঢ়িছে গেৰুৱা বাহিনী।










