![]()
নিউজ ডেস্কঃ
অসমসহ দেশৰ চাৰি ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলত নির্বাচনৰ প্ৰাকক্ষণত গুৰুত্বপূর্ণ এটি বিষয়ত কেন্দ্রৰ মত জানিব বিচাৰিলে শীর্ষ আদালতে। এটি কেন্দ্রত যদি বেছিভাগ ভোট নোটাত পৰে, তেনেহ’লে বাতিল কৰা হওক সেই নির্বাচন। প্ৰয়োজনত পৰৱর্তী সময়ত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা হওক। এই দাবী তুলি শীর্ষ আদালতৰ ওচৰত আবেদন জনাইছিল বিজেপি নেতা তথা আইনজীৱী অশ্বিনী কুমাৰ উপাধ্যায়ে। উক্ত আবেদনৰ ভিত্তিত কেন্দ্রীয় চৰকাৰৰ মতামত জানিব বিচাৰিলে শীর্ষ আদালতে।
দাখিল হোৱা জনস্বার্থ গোচৰত কোৱা হয়, শীর্ষ আদালতে নির্বাচন আয়োগক এই বিষয়ত স্পষ্ট এটি নির্দেশনা দিয়া উচিত। আবেনদকাৰীৰ অধিবক্তা মানেকা গুৰুস্বামীয়ে আদালতত কয়, ‘‘আমি ‘অস্বীকাৰ কৰা’ৰ অধিকাৰৰ এটি স্বীকৃতি বিচাৰিছো।’’ অর্থাৎ কোনো সমষ্টিত যদি নোটাত সর্বোচ্চ ভোট পৰে, তেনেহ’লে বুজিব লাগিব এক বৃহৎ অংশৰ মানুহৰ কোনো প্রার্থীকেই পছন্দ হোৱা নাই। তেতিয়া সংখ্যাগৰিষ্ঠৰ ৰায় মানি নিৰ্বাচন বাতিল কৰা উচিত।










