নিউজ ডেক্স:
হাৰয়ানাৰ গুৰুগ্ৰামৰ চেক্টৰ-৮২ স্থিত ৱাটিকা ইণ্ডিয়া নেক্সটৰ আবাসিক চৌহদত সংঘটিত শোকাৱহ ঘটনা। বৰষুণৰ পৰা ৰক্ষা পাবলৈ গছৰ তলত থিয় হ’বলৈ যাওঁতেই ঘটিল অঘটন।
বজ্ৰপাত পৰি গুৰুত্বৰ ভাৱে আহত হ’ল ৪ জন লোক; তাৰেই এগৰাকী চিকিৎসালয়তেই মৃত্যুৰ সন্মুখীন হয়। এই ঘটনাত নিহত আৰু আহত সকল ইয়াৰ উদ্যান বিভাগৰ কৰ্মচাৰী। উক্ত সমগ্ৰ ঘটনা বন্দী হয় চিচিটিভি কেমেৰাত; বজ্ৰপাত পৰা সময়ত উজ্জ্বল পোহৰ পৰিলক্ষিত হোৱাৰ লগতে ৪ জন লোকেই মাটিত ঢলি পৰে।
আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ৰাম প্ৰসাদৰ চিকিৎসালয়ত মৃত্যু ঘটে। আহতসকলৰ নাম হৈছে শিৱ দত্ত, লালি, আৰু অনিল কুমাৰ। তেওঁলােক বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে।
ৱাটিকা ইণ্ডিয়াৰ নেক্সটৰ বিষয়া শক্তি সিং চৌহানে জনায় যে “কৰ্মচাৰীসকলে উদ্যানত কাম কাম কৰি থকা সময়ত আবেলি প্ৰায় ৪.২০ বজাত হঠাতে বৰষুণ আৰম্ভ হয় আৰু বৰষুণ পৰা ৰক্ষা পাবলৈ তেওঁলোক চাৰিজনে গছৰ তলত আশ্ৰয় ল’বলৈ দৌৰি গৈছিল। সেই সময়তে হঠাৎ বজ্ৰপাতৰ ঘটনা ঘটে।”










