নিউজ ডেক্স:
প্রথম, দ্বিতীয় পাৰ হ’ল। এইবাৰ তৃতীয় ঢৌ ইটালী-জার্মানীত।নতুন ষ্ট্ৰেইনৰ ফলত ইটালীত সংক্রমণ পুনৰ বৃদ্ধি পাইছে। ভয়াবহ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ সমগ্ৰ দেশক ‘ৰেড জ’ন’ ঘোষণা কৰিবলৈ আগবাঢ়িছে ইটালী চৰকাৰ। সতর্ক জার্মানীও।
ইটালীৰ স্বাস্থ্য মন্ত্রালয়ৰ ফিলৰপৰা জনোৱা হৈছে, কেবিনেটৰপৰা আনুষ্ঠানিক অনুমতি পালেই ৩ এপ্রিল ৰপৰা ৫ এপ্রিললেকে লক্ডাউন হ’ব পাৰে সমগ্ৰ দেশত।
বৃহস্পতিবাৰে এটা দিনতে ২৫ হাজাৰ ইটালীবাসী নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে। চিকিৎসালয়ত বিচনাৰ নাটনি হৈছে। ‘ইন্টেনচিভ কেয়াৰ ইউনিট’ৰ ওপৰত চাপ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে তেওঁলোকক সংকিত কৰি তুলিছে যোৱা বছৰৰ ভয়ানক স্মৃতিয়ে ।
জার্মানীৰ অৱস্থাও তথৈবচ। সেই দেশৰ ফালৰপৰা জনোৱা হৈছে, তেওঁলোক নিশ্চিত তেওঁলোকৰ দেশত আৰম্ভ হৈছে ক’ৰোনাৰ তৃতীয় ঢৌ। জার্মান চেঞ্চেলৰ এঞ্জেলা মের্কেলে আগতেই ক’ৰোনাৰ বিৰুদ্ধে দেশবাসীক সতর্ক কৰিছিল।










