![]()
নিউজ ডেস্কঃ
ঢাক-ঢোল পিটি মোদী ভক্ত প্রযোজক স্বপন নস্কৰে কলকাতাৰ বিলাস বহুল হোটেলত এখন হিন্দী ছবিৰ শুভ মহুৰত কৰিছিল যোৱা ২৭ ফেব্রুৱাৰীত। মহাভাৰতখ্যাত অভিনেতা স্বয়ং গজেন্দ্র চৌহানে মুম্বাইৰ পৰা মিডিয়াৰ সন্মুখলৈ আহিছিল মোদীৰ সাজেৰে সজ্জিত হৈ। নিৰ্মাণ হ’ব নৰেন্দ্ৰ মোদীৰ বায়’পিক। সকলো ঠিকে-ঠাকে চলিলেও প্ৰতিবন্ধক হৈ পৰিল এটি ভয়াবহ দুর্ঘটনা।
কেইদিনমান পিছতেই প্রধানমন্ত্রীৰ বায়’পিক হিন্দী ছবি ‘এক আউৰ নৰেন’ৰ দৃশ্য গ্ৰহণৰ আগতে প্রযোজকে লক্ষ্য কৰে, বহুদিন ঘৰত ব্যৱসায়িক কামৰ বাবে ৰখা ৪২ লাখ টকা মূল্যৰ এটা বৰিং মেচিনত কোনোবাই নিশা জুই লগাই পুৰি ভস্মীভূত কৰে।
তথাপি আগন্তুক ২০ মার্চত এই ছবিৰ শুটিং আৰম্ভ কৰিব বুলি তেওঁ আশাবাদী। স্থানীয় থানাত অভিযোগৰ ভিত্তিত উচিত বিচাৰৰ আশাত আছে প্রযোজক স্বপন নস্কৰ।










