![]()
নিউজ ডেস্কঃ
বিখ্যাত অভিনেতা মিঠুন চক্রৱর্তীয়ে বিজেপিত যোগদান কৰিছে। বাংলাদেশৰ পৰা নিৰ্বাসিত হৈ ভাৰতত থকা বিতর্কিত লেখিকা তছলিমা নাচৰিনে এই সন্দৰ্ভত বিৰূপ প্রতিক্রিয়া জনাইছে। ছচিয়েল মিডিয়াত মিঠুনক কটাক্ষ কৰিছে তেওঁ।
বৃহস্পতিবাৰে ফেচবুকত তছলিমাই লিখিছে, ‘নানা ঘাটৰ পানী খোৱা সাপে বিজেপিত কি কৰিব সেইটো ভাবিছোঁ। সাপ, তাকো আকৌ পদ্ম কোব্ৰা, কাক খুঁটিবলৈ গৈ কাক খুঁটিয়ায়, কোনে জানে!’
উল্লেখ্য, দীর্ঘদিন শাসকীয় দল তৃণমূল কংগ্রেছৰ সৈতে জড়িত আছিল মিঠুন চক্রৱর্তীয়ে। তৃণমূলৰ পক্ষৰ পৰা ৰাজ্যসভাৰ সদস্যও কৰা হয় তেওঁক। এসময়ত শাসকীয় দলৰ হৈ নিৰ্বাচনী প্রচাৰতো দেখা গৈছিল মিঠুনক। ৫ বছৰ পূৰ্বে এটি চিটফাণ্ড গোচৰত নাম জড়িত হয় মিঠুনৰ। এটি বিনিয়োগকাৰী কোম্পানীৰ পৰা আর্থিক সুবিধা পোৱাৰ অভিযোগ উঠাৰ কিছুদিন পিছতেই ৰাজনীতিৰ পথাৰৰ পৰা আঁতৰি আহে মিঠুন।
ভগ্ন স্বাস্থ্যৰ কাৰণ দেখুৱাই ২০১৬ চনৰ শেষৰ ফালে ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰে ‘মহাগুৰু’ই। তাৰ পিছত বহু দিন ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। কিন্তু, বংগৰ নির্বাচনৰ কথা মনত ৰাখি মিঠুনক দললৈ টনা চেষ্টা কৰে গেৰুৱা শিবিৰে। বর্ষীয়ান অভিনেতাজনক সাক্ষাৎ কৰে খোদ আৰএছএছ প্রধান মোহন ভাগৱতে।










