![]()
নিউজ ডেস্কঃ
নতুন দিল্লীৰ পৰা ডেৰাডুনলৈ যোৱা শতাব্দী এক্সপ্রেছৰ দবাত ভয়াৱহ অগ্নিকাণ্ড। চালক আৰু গার্ডৰ সতর্কতাত ৰে’লখন মাজ পথতেই ৰখোৱা সম্ভৱ হয়। ইয়াৰ পিছত ৰে’ল বিষয়াসকলক ঘটনাৰ খবৰ দিয়া হয়।
জানিব পৰা মতে, লোকো পাইলটে ইমার্জেন্সি ব্রেক টানি ৰে’লখন ৰাজাজি হাবিৰ মাজত ৰখায়। ইয়াৰ পিছত কোচ চি-৪ তৎকালে খালী কৰা হয় আৰু দবাটো ৰে’লৰ পৰা পৃথক কৰি অন্য দবাবোৰ সুৰক্ষিত কৰা হয়।
অৱশ্যে কোচ চি-৪ত যাত্ৰা কৰা সকলো যাত্রী সুৰক্ষিত বুলি জানিব পৰা গৈছে। দবাটোৰ সকলো যাত্রীক অন্য দবালৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ পিছত ৰে’লখনে পুনৰ ডেৰাডুনৰ উদ্দেশ্যে ৰাওনা দেয়। এই ঘটনাৰ পিছত ডেৰাডুন ষ্টেচনৰ বাহিৰত এম্বুলেন্সৰ বন্দোবস্ত কৰা হয়। স্বাস্থ্যকর্মী আৰু আৰক্ষীক ডেৰাডুন ষ্টেচনৰ বাহিৰত নিযুক্ত কৰা হয়।
জানিব পৰা মতে, আজি দুপৰীয়া ১২.৩০ বজাত এই ঘটনা ঘটিছে। দবাটোত ৩৫ জন যাত্রী আছিল। শ্বর্ট ছার্কিটৰ কাৰণে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।










