![]()
নিউজ ডেস্কঃ
দেশজুৰি চলি থকা কৃষক আন্দোলনে ১০০ দিন পাৰ কৰিলেও এতিয়াও কোনো সমাধান সূত্র ওলোৱা নাই। ইয়াৰ মাজতে টিকৰি সীমান্তৰ ওচৰতেই পকীঘৰ নিৰ্মাণ কৰিছে আন্দোলনৰত কৃষকসকলে। কেন্দ্রৰ নতুন প্রস্তাৱিত তিনিখন আইন প্রত্যাহাৰ নকৰিলে দেশজুৰি অধিক বৃহত্তৰ আন্দোলন কৰাৰো ভাবুকি ইতিমধ্যেই দি থৈছে কৃষক নেতাসকলে।
কিন্তু আন্দোলনৰ মাজতে হঠাৎ টিকৰি সীমন্তত ঘৰ নিৰ্মাণৰ সিদ্ধান্ত কিয়? এই সন্দৰ্ভত কৃষক নেতাসকলৰ মত, দিল্লীৰ হাঁড়কঁপোৱা শীতত তম্বুৰ ভিতৰত আৰু ৰাস্তাত থাকিবলগা হৈছিল কৃষকসকল। ফলত কষ্ট বাঢ়িছিল তেওঁলোকৰ। সেয়ে ২০ হাজাৰৰ পৰা ২৫ হাজাৰ টকা ব্যয়ত টিকৰি সীমান্তৰৰ কাষত ৰাজমিস্ত্ৰীসকলৰ সৈতে কৃষকসকলেও নিজে হাতেকামে লাগি নিৰ্মাণ কৰি তুলিছে ২৫টা ঘৰ। পৰৱর্তী সময়ত এনেধৰণৰ আৰু ১ হাজাৰৰ পৰা ২ হাজাৰ সৰু সৰু ঘৰ নিৰ্মাণৰ কথা ভাবিছে তেওঁলোকে। ভূৰখা মহলৰ মতে, ঘৰ নিৰ্মাণ কৰি আন্দোলনৰত কৃষকসকলে কেন্দ্রীয় চৰকাৰৰ ওপৰত অধিক চাপ সৃষ্টি কৰিব বিচাৰিছে।










