![]()
নিউজ ডেস্কঃ
নিজৰ কুৰুচিকৰ কাণ্ডৰ সুতে-মূলে মাচুল ভৰিবলগা হ’ল ৮০ বছৰীয়া এক দম্পতিয়ে। মুম্বাইৰ এখন বিশেষ আদালতে আশী বছৰীয়া দম্পতিক ১০ বছৰৰ কাৰাদণ্ড বিহে। ২০১৩ চনত নিজৰ প্রতিবেশী ৪ বছৰীয়া শিশুকন্যাক যৌন নির্যাতন কৰাৰ অভিযোগত এই শাস্তি ঘোষণা কৰিলে আদালতে।
আদালতে অভিযুক্ত স্বামী-স্ত্রীক শিশুৰ বিৰুদ্ধে যৌন নির্যাতন অপৰাধ সংক্রান্তীয় পকছো আইনৰ ৬ নম্বৰ ধাৰাৰ অধীনত শাস্তি ঘোষণা কৰে। পকছোৰ বিশেষ আদালতৰ ন্যায়াধীশ ৰেখা পান্ধাৰে স্বামী-স্ত্রীহালক ১০ বছৰৰ শাস্তি ঘোষণাৰ লগতে ১ লাখ টকা জৰিমনাৰো নির্দেশ দিয়ে।
ঘটনাটি ঘটিছিল ৮ বছৰ পূৰ্বে। মুম্বাইৰ খিলগাঁও এলেকাত প্রতিবেশীৰ শিশুটিক ঘৰলৈ মাতি আনি যৌন নির্যাতন চলাইছিল। নির্যাতিতাৰ মাতৃয়ে উক্ত ঘটনাৰ গোচৰ ৰুজু কৰে আৰু শিশুটিৰ মেডিকেল ৰিপোর্ট জমা দিয়ে।
সাক্ষ্য-প্রমাণৰ ভিত্তিত অভিযুক্ত স্বামী-স্ত্রী দোষী সাব্যস্ত হয়। আদালতৰ পর্যবেক্ষণত জনাইছে যে নির্যাতিতা শিশুটিৰ ককা-আইতাৰ বয়সীয়া হ’ব অভিযুক্ত দম্পতি। য’ত দম্পতিহালে প্রতিবেশীৰ শিশুটিক আদ-যত্ন আৰু ৰক্ষণাবেক্ষণ দিয়া উচিত আছিল, তেনে ক্ষেত্ৰত এনে জঘন্য কাম কৰাটো গুৰুতৰ অপৰাধ। সকলো দিশ বিচা- বিশ্লেষণ কৰিয়েই এই শাস্তি ঘোষণা কৰে আদালতে। যাতে আৰু কোনোৱে এই ধৰণৰ অপৰাধ নকৰে।










