![]()
নিউজ ডেস্কঃ
কৰোনা ভাইৰাছ মহামাৰিৰ এটা বছৰত সমগ্ৰ বিশ্বই অভূতপূর্ব মাত্রাত মৃত্যু, অর্থনীতিৰ কঠিন পৰিস্থিতি আৰু উদ্বেগ প্রত্যক্ষ কৰিছে। কিন্তু এই ভয়াৱহ দুর্ভোগৰ মাজতো আত্মত্যাগ, সাহস আৰু টিকি থকাৰ প্রবল প্রতিজ্ঞাৰো অজস্র উদাহৰণ সৃষ্টি হৈছে। বিশ্বৰ বিভিন্ন প্রান্তৰ মানুহে এই মহামাৰিৰ মাজত নিজকে নতুনকৈ আৱিষ্কাৰ কৰিছে, আনক সহায় কৰিছে৷ আনকি নিজৰ কেৰিয়াৰো সলনি কৰি বৃহৎ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে৷ তাৰে মাজৰেই এগৰাকী শিখা মলহোত্রা। জাকজমকীয়া জীৱন, ভাৰতীয় চলচ্চিত্রৰ ৰাজধানী হিচাবে খ্যাত বলিউডৰ একাধিক ছবিৰ কামৰ সুযোগ এৰি দিছিল এইগৰাকী নায়িকাই।
বলিউড ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ প্রধান নায়িকা হিচাবে ২০১৬ চনত চলচ্চিত্রত যাত্রা আৰম্ভ শিখা মলহোত্রাৰ। যোৱা বছৰ মুক্তি পায় ‘কাঞ্চলি’নামৰ সেই ছবিখন। ফলত স্পষ্টভাৱেই বলিউডত নিজৰ বাবে এটা ভাল অৱস্থান সৃষ্টি কৰাৰ সুযোগ আছিল তেওঁৰ সন্মুখত। কিন্তু তেওঁৰ নিজৰ চহৰ মুম্বাইত কৰোনা ভাইৰাছৰ সংক্রমণ আৰম্ভ হোৱাত চিনেমা নহয় বাস্তৱৰ একচন জগতত নামি পৰাৰ সিদ্ধান্ত লয় শিখাই। ঠিক কৰে চলচ্চিত্রৰ মায়াময় পর্দায় নহয় বাস্তৱত কামত লগাব তেওঁৰ নাৰ্ছিং ডিগ্রিৰ শিক্ষা।
যোৱা বছৰ মার্চত দেশজুৰি লকডাউন আৰম্ভৰ দুই দিনৰ দিনাই শিখা মলহোত্রাই মুম্বাইৰ বিভিন্ন হস্পিটেলত স্বেচ্ছাসেৱী হিচাবে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয়, ‘মই প্রথমে এগৰাকী নাৰ্ছিং বিষয়া, তাৰ পিছতহে এগৰাকী অভিনেত্রী। মানুহৰ জীৱন-মৃত্যু, শত আবেগ, দুখ, সুখ এইবোৰ দেখাৰ অভিজ্ঞতাই মোক সলনি কৰি দিয়ে৷ মোৰ ভাব হ’ল হঠাৎ মই যেন অধিক পৈণত হৈ গ’লো, আৰু শিপাৰ ওচৰলৈ গুচি আহিলো।’
এই কাম কৰিবলৈ আগ্রহী হৈ উঠাত শিখা মলহোত্রাৰ অনুপ্রেৰণা আছিল তেওঁৰ মাতৃ। তেওঁ নিজেও এগৰাকী নাৰ্ছ। সন্মুখৰ শাৰীৰ কর্মী হিচাবে মাতৃয়ে জীৱনৰ সংশয় লৈ সংকট মোকাবিলা কৰা দেখি তেওঁৰ কাষত থিয় দিয়াৰ সিদ্ধান্ত লয় শিখাই।










