![]()
নিউজ ডেস্কঃ
প্রাইভেচী পলিচিত কোনো সলনি নকৰিলে ৱাটছএপে। বৰং ৮ ফেব্রুৱাৰীৰ স্থানত সময়সীমা দিয়া হ’ল ১৫ মে’। ইয়াৰ ভিতৰত প্রাইভেচী পলিচিত না ক’লে এপ এৰিব লাগিব ব্যৱহাৰকাৰীয়ে।
নতুন বছৰৰ আৰম্ভণিৰ পৰা সংবাদ শিৰোনামত আছিল বিশ্বৰ সবাতোকৈ বেছি ব্যৱহৃত মেছেজিং এপটি। ৱাটছএপত শ্বেয়াৰ কৰা যিকোনো বার্তা, ছবি বা ভিডিও তেওঁলোকৰ মালিক কোম্পানী ফেচবুকলৈ গুচি যাব৷ নতুন প্রাইভেচী পলিচিক লৈ বিতৰ্ক আছিল এইটোৱেই। ফলত প্রবল বিতর্কৰ সৃষ্টি হয় বিশ্বজুৰি।
উল্লেখযোগ্য পৰিমাণত ৱাটছএপ ব্যৱহাৰকাৰীয়ে ‘ছিগনেল’সহ অন্যান্য এপ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি শুধৰোৱাৰ কামত নামে ফেচবুকৰ মালিকানাধীন কোম্পানীটো। জনাই দিয়া হয় যে ব্যক্তিগত চাট গোপনেই থাকিব। কেৱল মাত্র ব্যৱসায় সংক্রান্তীয় বার্তা ফেচবুক আৰু ৱাটছএপৰ সৈতে জড়িত অন্যান্য ৱেবছাইটত শ্বেয়াৰ কৰা হ’ব। কিন্তু তথাপি এপটি ব্যৱহাৰক লৈ দ্বিধাগ্ৰস্ত হয় সাধাৰণ মানুহ। কিন্তু ইমানৰ পিছতো নিজৰ অৱস্থানৰ পৰা আঁতৰি নাহে ৱাটছএপ। কেৱল সময়সীমাহে পিছুৱাই দিয়া হয়।










