![]()
নিউজ ডেস্কঃ
উচ্চপর্যায়ৰ বৈঠকত বহিল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিভাগ। দেশত ক্রমশ বাঢ়িছে কৰোনা সংক্রমণ। নতুনকৈ পাঁচখন ৰাজ্যত কৰোনাৰ আক্ৰমণ আৰম্ভ হৈছে। সেই পৰিস্থিতি কিমান ভয়াৱহ হ’বলৈ আগবাঢ়িছে, দেশৰ বাকী ৰাজ্যবোৰৰ কৰণীয় কি সকলো অধ্যয়ন কৰিবৰ বাবে আজি জৰুৰী বৈঠকত বহে প্রধানমন্ত্রীৰ বিভাগ।
বৈঠকত উপস্থিত থাকে উচ্চপদস্থ বিষয়াসকল। কেন্দ্রই কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেইবোৰ কথাও আলোচনা কৰ হয় আজিৰ বৈঠকত।
এই পৰিস্থিতিত বহু জৰুৰী পদক্ষেপ কেন্দ্রই গ্ৰহণ কৰিব পাৰে বুলি অনুমান কৰা হৈছে৷ কাৰণ দেশৰ বহু কেইখন ৰাজ্যত নতুনকৈ সংক্রমণৰ খবৰ লাভ কৰা হৈছে। মন্ত্ৰালয়ৰ তথ্য অনুযায়ী, মহাৰাষ্ট্রত সকলোতকৈ বেছি কৰোনাৰ ৰিপোর্ট পোৱা গৈছে। ৰাজ্যখনত ৬ হাজাৰ ৯৭১ জন কৰোনাত আক্রান্ত হৈছে।
ইয়াৰ পিছতেই আছে কেৰালা । ৰাজ্যখনত নতুনকৈ আক্রান্ত হৈছে ৪ হাজাৰ ৭০ জন । ইয়াৰ উপৰি তমিলনাডু (৪৫২), কর্নাটক (৪১৩) আৰু পঞ্জাব (৩৪৮) আছে সর্বাধিক আক্রান্তৰ তালিকাত। পাঁচখন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্র, কেৰালা আৰু পঞ্জাবক লৈ সকলোতকৈ বেছি উদ্বেগ হৈছে ।










