![]()
নিউজ ডেস্কঃ
খেলপথাৰত তেওঁৰ খঙাল, ৰুক্ষ, মেজাজী অৱতাৰ দেখাত সকলো অভ্যস্ত। কিন্তু বাস্তৱত তেওঁ ‘মাটিৰ মানুহ’ ! আকৌ ভাৰতৰ অন্যতম ধনী দম্পতি তেওঁলোকেই। যশ, খ্যাতিৰ তুঙ্গত থকা দম্পতিটোৱে শত ব্যস্ততাৰ মাজতো ঘৰৰ সকলো কাম নিজেই কৰে।

এয়া কোনো ইনষ্টাগ্রাম পোষ্টৰ কথা নহয়। এই কথা কৈছে ভাৰতৰ প্রাক্তন নিৰ্বাচক চৰণদীপ সিঙে। এক সাক্ষাৎকাৰত তেওঁ জনায়, বিৰাট-অনুষ্কাক বহু মানুহে ভালদৰে চিনিয়ে পোৱা নাই। খেলপথাৰত তেওঁক যেনেদৰে দেখা যায়, আচলতে তেওঁ তেনে নহয়। চৰণদীপে লগতে জনায়, দলৰ কোনো সভাত কাকো দাবী দি কথা নকয় তেওঁ। প্রথমে মন দি সকলোৰে কথা শুনে। সকলোৱে কোৱা হ’লে, তাৰ পিছত নিজৰ বক্তব্য ৰাখে কোহলিয়ে।
আনহাতে, ঘৰতো সাধাৰণ জীৱন-যাপন তেওঁলোকৰ। নাই কোনো কাম কৰা মানুহ। অতিথিসকল ঘৰলৈ আহিলে, নিজ হাতে খাদ্য পৰিবেশন কৰে বিৰুষ্কাই। ইমানেই সাধাৰণ তেওঁলোকৰ জীৱন-যাপন যে চেলিব্রিটিসকলৰ দৰে কেতিয়াও তেওঁলোকে আচৰণ নকৰে।










