নিউজ ডেস্কঃ
ঠিক যেন কলিৰ যুগৰ ৰামায়ণৰ কাহিনী। ৰামৰ ওচৰত পবিত্রতা প্ৰমাণ কৰিবলৈ অগ্নিপৰীক্ষা দিবলগা হৈছিল সীতাই। সেই একেই ধৰণৰ অগ্নি পৰীক্ষা দিবলগা হ’ল মহাৰাষ্ট্রৰ ওছমানাবাদৰ এগৰাকী মহিলাই৷ নিজৰ পবিত্ৰতা প্ৰমাণৰ বাবে উতলা তেলত হাত ডুবাবলগা হ’ল তেওঁ। ধিক্কাৰজনক ঘটনাটিৰ ভিডিও কৰিছে স্বামীয়ে নিজেই, যিটো এই মুহূর্তত প্রবল ভাইৰেল।
https://twitter.com/i/status/1363146940108611587
সূত্রৰ খবৰ মতে, ১১ ফেব্রুৱাৰীত স্বামীৰ সৈতে কাজিয়াৰ পিছত ঘৰ এৰি গুচি যায় মহিলাগৰাকী। ঘূৰি আহে চাৰিদিন পিছত। এই চাৰিদিন ধৰি পেছাত গাড়ীচালক স্বামীয়ে গাড়ী লৈ তেওঁৰ সন্ধানত ঘূৰি ফুৰে। ঘৰলৈ ঘূৰি অহাৰ পিছত পত্নীয়ে জনায়, তেওঁ বাছৰ অপেক্ষাত থাকোতে দুজন ব্যক্তিয়ে দাঙি লৈ গৈ বন্দী কৰি ৰাখে। কিন্তু এইবোৰ কথাত মন নগলে স্বামীৰ। দুই পুৰুষৰ সৈতে চাৰিদিন থকাত পবিত্রতাৰ পৰীক্ষা দিবলৈ পত্নীক উতলি থকা তেলত হাত ডুবাবলৈ বাধ্য কৰায়।
উতলা তেলত এটি পাঁচ টকাৰ মুদ্ৰা পেলাই দি সেইটো উঠাই আনিবলৈ নির্দেশ দিয়ে স্বামীয়ে। ভিডিওটোত মাৰাঠী ভাষাত স্বামীয়ে কোৱা শুনা যায়, ‘মোৰ পত্নীয়ে কৈছে, তেওঁক দুজনে বন্দী কৰি ৰাখিছিল, কিন্তু একো কৰা নাই। মই জানিব বিচাৰিলো তেওঁ সঁচা কৈছেনে নাই৷ সেয়ে এইটো কৰিলো।’