নিউজ ডেস্কঃ
ছবি দেখিলে মনত ভাব হ’ব পাৰে এয়া কোনো এয়াৰ টাৰ্মিনেল নহ’লে বিদেশী বিদেশী ষ্টেচন! বা হোটেল বুলিও ভাবিব পাৰে। কিন্তু আচলতে তাৰ এটাও নহয়। এয়া হ’ল দেশৰ প্রথম চেণ্ট্ৰেলী এচি ৰে’ল টার্মিনেল। নিৰ্মাণ হৈছে বেঙ্গালুৰুত। নাম ছাৰ এম ভিছভেছভাৰাইয়া ৰে’ল টার্মিনেল।
সদ্য নির্মিত এই টার্মিনেলৰ ছবি পোষ্ট কৰিছে খোদ ৰে’লমন্ত্রী পীযুষ গোৱেলে। এই টার্মিনেল নিৰ্মাণত খৰচ হৈছে ৩১৪ কোটি টকা। প্রায় ৪২০০ বর্গমিটাৰ এলেকাজুৰি নিৰ্মাণ হৈছে উক্ত টাৰ্মিনেল। উদ্বোধন হ’ব ১৫ মার্চত। দিনে ৫০ হাজাৰ মানুহ এই ৰে’ল ষ্টেচনেৰে যাতায়াত কৰিব বুলি অনুমান কৰা হৈছে।
এই আধুনিক টার্মিনেলটোত আছে মুঠ সাতটা প্লেটফর্ম। যাত্রীসকলৰ সুবিধাৰ্থে আছে লিফট, এস্কেলেটৰ আৰু ছাবৱে। প্রতিদিনে এই টার্মিনেল ষ্টেচনৰ পৰা ৫০খন ৰে’লে যাতায়াত কৰিব। বিমানবন্দৰৰ দৰে সুযোগ-সুবিধা থাকিব ইয়াত। যেনে আপাৰ ক্লাছ ৱেটিং ৰুম, ভিআইপি লাউঞ্জ, ৰিয়েল টাইম পেছেঞ্জাৰ ইনফৰমেচন ছিষ্টেম আৰু ফুডকোর্ট থাকিব। কেচিআৰ বেঙ্গালুৰু আৰু যশৱন্তপুৰ ষ্টেচনৰ চাপ কমাবলৈ নিৰ্মাণ কৰা হয় এই টার্মিনেল।