নিউজ ডেস্কঃ
অহা ২৩ ফেব্ৰুৱাৰী মঙ্গলবাৰৰ পৰা বিজেপি অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিত মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, মৰ্চাৰ ৰাজ্যিক সভাপতি তথা জিলা স্তৰত জিলা সভাপতি, মণ্ডল সভাপতিকে ধৰি অন্যান্য কাৰ্যকৰ্তাসকলে নিজ নিজ সমষ্টিত ‘পৰিয়াল সম্পৰ্ক অভিযান’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ এই অনুষ্ঠানৰ দ্বাৰা ৰাজ্যিক বিজেপিয়ে সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ লগত পোনপটীয়াকৈ মত বিনিময় কৰিব তথা ৰাইজৰ মনোভাব জানিব পাৰিব।
এই অনুযায়ী নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা, সাংসদ তথা ভাজপাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে আদি কৰি মন্ত্ৰী, সাংসদ তথা বিধায়কসকলে নিৰ্ধাৰিত সূচী অনুসৰি ভিন ভিন সমষ্টিত উপস্থিত থাকিব। প্ৰথম কাৰ্যসূচী হিচাপে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসে পুৱা ৯.৩০ বজা ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত ছাৰ্ভে বেলতলাৰ শ্বহীদ পথৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত উক্ত অভিযানৰ শুভাৰম্ভ কৰিব। ৰাজ্যিক বিজেপিৰ এনে কাৰ্যসূচীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলটোক আৰু অধিক ৰাইজৰ মাজলৈ লৈ যাব বুলি আশা প্ৰকাশ কৰে।