![]()
নিউজ ডেস্কঃ
ঝাড়খণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনে এনে এক মন্তব্য কৰিছে যাৰ বাবে তুমুল বিতর্ক হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে আদিবাসীসকল হিন্দু নহয়। শনিবাৰে নিশা হার্ভার্ড ইণ্ডিয়া কনফাৰেন্সক ভার্চুৱেল মাধ্যমেৰে সম্বোধন কৰাৰ সময়ত হেমন্ত চোৰেনে এইকথা কয়। তেওঁ কয়, আদিবাসীসকল কেতিয়াও হিন্দু নাছিল আৰু এতিয়াও হিন্দু নহয়।
তেওঁ কব, “আদিবাসী সমাজ প্রকৃতিৰ পূজাৰী। বহু দশক ধৰি আদিবাসী সমাজক অৱদমন কৰি ৰখা হৈছে বুলিও মন্তব্য কৰে ঝাড়খণ্ডৰ মুখ্যমন্ত্রীয়ে। কেতিয়াবা আদিবাসী, কেতিয়াবা জনজাতি কেতিয়াবা অন্য কোনো নামেৰে চিহ্নিত কৰা হয়।
ইফালে মুখ্যমন্ত্রী হেমন্ত চোৰেনৰ মন্তব্যৰ সমৰ্থন কৰি কংগ্রেছ প্রবক্তা চমচেৰ আলমে কয়, মুখ্যমন্ত্রীয়ে একেবাৰে ঠিক কথা কৈছে। আদিবাসীসকল কেতিয়াও হিদু নাছিল আৰু এতিয়াও তেওঁলোক হিন্দু নহয়। ইফালে ইয়াৰ প্ৰত্যুত্তৰত বিজেপি প্রবক্তা প্রদীপ সিনহাই কয়, ঝাড়খণ্ড মুক্তি মর্চা ভণ্ডসকলৰ সমাবেশ।
বিজেপি প্রবক্তাজনে কয়, ক্ষমতালৈ অহাৰ পিছৰ পৰা মুখ্যমন্ত্রীৰ কেৱল আদিবাসীলৈ মনত পৰে। যেতিয়া আদিবাসীসকলক ধৰ্ম পৰিবর্তন কৰি খ্ৰীষ্টান ধর্মান্তৰকৰণ কৰা হয় তেতিয়া মুখত লেকাম লগাই লয়। বিজেপি নেতা বিনোদ শর্মাই কয়, হেমন্ত চোৰেনে ক্ষমতাৰ বাবে যি ইচ্ছা ক’ব পাৰে। আদিবাসীসকল সদায় ভাৰতীয় সংস্কৃতিৰ অভিন্ন অঙ্গ আৰু তেওঁলোক আৰম্ভণিৰ পৰাই হিন্দু সংস্কৃতিৰ সৈতে জড়িত হৈ আছে।










