![]()
নিউজ ডেস্কঃ
নিজৰ অফিচৰ বাবে এটি ভগ্নপ্রায় ঘৰ বাছি লৈছিল এজন অধিবক্তাই। ঘৰটো ব্যৱহাৰৰ বাবে ব্যাপক মেৰামতিৰ প্রয়োজন আছিল। ইয়াৰ বাবে যে মোটা অঙ্কৰ ধন ব্যয় কৰিব লাগিব বুলিও তেওঁ জানিছিল।
কিন্তু বাস্তৱত হ’ল তাৰ ওলোটা! ঘৰটো মেৰামতি কৰিবলৈ গৈ ওলোটাই হাতলৈ আহিল ১ লাখ ডলাৰ! ঘৰটোৰ পৰা উদ্ধাৰ হোৱা বহু পুৰণি সামগ্ৰী নিলাম কৰিয়েই তেওঁ লাভ কৰে এই ধন।
উল্লেখ্য, ডেভিড জে হুইটকম্ব নামৰ অধিবক্তাজনে নিজৰ অফিচৰ বাবে জেনেভাত এটি পুৰণি ঘৰ কিনিছিল। সেই পুৰণি ঘৰটোতেই ‘গুপ্তধন’ৰ সন্ধান পায় তেওঁ।

ঘৰটো আছিল চিত্রকৰ জেমছ ইলাৰি হেলৰ। ১৮৯২ৰ পৰা ১৯২০ চন পর্যন্ত তেওঁ জেনেভাত আছিল। জানিব পৰা মতে, ১৯০০ চনত তেওঁ ঘৰটো কিনিছিল।
হেলৰ মৃত্যুৰ পিছত ঘৰটো একাধিকবাৰ বিক্ৰী হয়। বহুতৰ হাত বাগৰি অৱশেষত সেইটো হুইটকম্বৰ হাতলৈ আহে। কিন্তু হুইটকম্বৰ পূৰ্বে কোনো মালিকেই ঘৰটোত থকা ‘গুপ্তধন’ৰ সন্ধান পোৱা নাছিল।
ক্ৰয়ৰ পিছত ঘৰটো মেৰামতি কৰাৰ সময়তেই হঠাৎ চিলিঙত এখন গুপ্ত দৰ্জা দেখা পায় হুইটকম্বে। দৰ্জাৰ ভিতৰেৰে মূৰ সুমুৱাই ভিতৰত মজুত থকা একাধিক ছবি দেখা পায় তেওঁ।
পিছদিনা এজন বন্ধুক লগত লৈ উক্ত গোপন কুঠৰিত প্রবেশ কৰে তেওঁ। ভিতৰলৈ গৈ বিস্মিত হৈ যায়। বহু পুৰণই দুর্মূল্য ছবিৰ সমাহাৰ আছিল এই গুপ্ত কোঠাত।

সেইটো আছিল আচলতে চিত্রকৰ হেলৰ ছবিঘৰ। দুর্মূল্য সকলো ছবি এই কোঠাটোতে সংগ্রহ কৰি ৰাখিছিল তেওঁ। কিন্তু এই ছবিবোৰৰ মূল্য যে কিমান হ’ব পাৰে তাক লৈ কোনো ধাৰণাই নাছিল হুইটকম্বৰ।
পিছত তেওঁ জেনেভা ঐতিহাসিক ছ’চাইটিৰ সভাপতি ডেন উইনষ্টকৰ সৈতে যোগাযোগ কৰে। তেওঁৰ পৰাই ছবিবোৰ সম্বন্ধে আৰু চিত্রকৰ হেল সম্পর্কে বিশদভাৱে জানিব পাৰে।
ছবিবোৰ যে অমূল্য তাক জনাৰ পিছত যেন গুপ্তধনৰ সন্ধান পোৱাৰ দৰেই উচ্ছ্বসিত হৈ উঠে হুইটকম্ব। নিউয়র্কৰ এক নিলাম সংস্থাৰ সৈতে যোগাযোগ কৰে তেওঁ।
কিছু ছবি নিজৰ সংগ্রহত ৰাখি বাকীখিনি নিলাম কৰি দিয়ে তেওঁ। সকলো মিলাই ১ লাখ ডলাৰত বিক্ৰী হয় ছবিবোৰ। যাৰ ভিতৰত সকলোতকৈ বেছি মূল্য পাইছে নাৰীবাদী আন্দোলনকাৰী এণ্টনিৰ ছবিত। ৫০ হাজাৰ ডলাৰত বিক্ৰী হয় ছবিখন।










