![]()
নিউজ ডেস্কঃ
তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত ২৬ নৱেম্বৰৰ পৰা দিল্লী সীমান্তত অৱস্থান বিক্ষোভ কৰিছে কৃষকসকলে। এই আন্দোলনত সক্রিয়ভাবে সকলোতকৈ বেছি যোগ দিছে হাৰিয়ানা আৰু পঞ্জাবৰ কৃষকসকলে। লক্ষণীয়, ডিচেম্বৰতেই এই দুই ৰাজ্যত গ্রাহক কমিছে ৰিলায়েন্স জিঅ’ৰ। বিশেষজ্ঞসকলৰ মতে, মোদী চৰকাৰ আৰু ৰিলায়েন্স কোম্পানীৰ ওপৰত কৃষকসকলৰ ক্ষোভেই ইয়াৰ কাৰণ।
টেলিকম ৰেগুলেটৰী অথৰিটী অব ইণ্ডিয়া (ট্রাই)ই কৈছে, সমগ্ৰ দেশত ডিচেম্বৰত একমাত্র এই দুই ৰাজ্যতেই কমিছে জিঅ’ৰ গ্রাহক। আৰু ক’তো এনে হোৱা নাই। আনহাতে, অন্য কোনো টেলিকম কোম্পানীয়েও কিন্তু এই দুই ৰাজ্যত গ্রাহক হেৰুওৱা নাই। ২০২০ চনৰ নৱেম্বৰত পঞ্জাবত ৰিলায়েন্স জিঅ’ৰ গ্রাহকৰ সংখ্যা আছিল ১.৪০ কোটি। ডিচেম্বৰত ৰাজ্যখনত গ্রাহকৰ সংখ্যা হয় ১.২৫ কোটি।
হাৰিয়ানাত ২০২০ চনৰ নৱেম্বৰত ৰিলায়েন্স জিঅ’ৰ গ্রাহকৰ সংখ্যা আছিল ৯৪.৪৮ লাখ৷ ডিচেম্বৰৰ শেষত উক্ত ৰাজ্যখনত জিঅ’ৰ গ্রাহকৰ সংখ্যা হয়গৈ ৮৯.০৭ লাখ। এই সন্দৰ্ভত ৰিলায়েন্স জিঅ’ই অৱশ্যে মুখ খোলা নাই। ১১ ডিচেম্বৰত অৱশ্যে ট্রাইক পত্ৰ লিখি এই লৈ অভিযোগ জনাইছিল কোম্পানীটোৱে। কৈছিল, প্রতিদ্বন্দ্বী টেলিকম কোম্পানী ৰিলায়েন্স, ভোডাফোনে তেওঁলোকৰ বিৰুদ্ধে ‘অপপ্রচাৰ’ চলাইছে। কৈছে, কৃষি আইনৰ বাবে সুবিধা পাব ৰিলায়েন্সে। সেয়ে কৃষি আইনক সমর্থন জনাইছে কোম্পানীটোৱে। সেই কাৰণেই গ্রাহক হেৰুৱাইছে জিঅ’ই। অৱশ্যে প্রতিদ্বন্দ্বী টেলিকম কোম্পানী কেইটাই এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।











