![]()
নিউজ ডেস্কঃ
আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ। ফিলাডেলফিয়াত বুধবাৰে দিন–দুপৰতে এখন বাছ আৰু স্থানীয় ছাবৱে ষ্টেচনত আক্ৰমণ চলায় বন্দুকধাৰীয়ে। উক্ত আক্ৰমণত আঠজন আহত হৈছে। তেওঁলোকৰ ভিতৰত এজনৰ অৱস্থা গুৰুতৰ।
স্থানীয় সময় বুধবাৰে আবেলি তিনি বজাত আক্ৰমণ চলে। উত্তৰ ফিলাডেলফিয়াৰ ফার্ন ৰকৰ অলনে ট্রান্সপোর্টেচন চেণ্টাৰত ১৭ৰ পৰা ৭১ বছৰীয়া লোকসকলৰ ওপৰত আক্ৰমণ চলায় বন্দুকধাৰীয়ে। ইতিমধ্যে ঘটনাত জড়িত থকাৰ অভিযোগত এজনক গ্রেপ্তাৰ কৰা হৈছে বুলি জনাইছে চহৰখনৰ আৰক্ষী অধীক্ষক ডেনিয়েল আউটলে। কিন্তু আক্ৰমণৰ উদ্দেশ্য সম্পর্কে একো জনোৱা নাই। ঘটনাস্থলীৰ পৰা দুটা বন্দুক আৰু ১৮ টা কার্তুজ উদ্ধাৰ কৰা হৈছে।











