![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে চেন্নাইত আইপিএলৰ মিনি নিলামত কলকাতা নাইট ৰাইডাৰছৰ মেজত অভিনৱ দৃশ্য। বহি থাকা দেখা গ’ল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান আৰু জুহি চাওলাৰ জীয়ৰী জাহ্নবীক। নেট মাধ্যমত সেই ছবি প্রকাশ পোৱাৰ লগে লগেই ভাইৰেল। এই প্রথম আইপিএলৰ নিলামত দেখা গ’ল দুই বলিউড তাৰকাৰ সন্তান দুগৰাকীক।
শ্বাহৰুখৰ পুত্ৰ আৰিয়ান সৰুৰে পৰাই ক্রিকেট আৰু কেকেআৰ ভক্ত। প্রথম চিজনৰ পৰাই পিতৃৰ সৈতে গেলাৰিত উপস্থিত থকা দেখা গৈছে তেওঁক। সংযুক্ত আৰব ৰাষ্ট্ৰত বিগত চিজনৰ আইপিএলতো একাধিক মেচত উপস্থিত আছিল তেওঁ। কিন্তু ইয়াৰ আগতে কোনো দিনে নিলামত উপস্থিত থাকা দেখা যোৱা নাই।
জুহিৰ জীয়ৰী জাহ্নবীৰ ক্ষেত্ৰতো একেই। মাতৃৰ সৈতে তেওঁ খেলা চাবলৈ গৈছিল, কিন্তু নিলামত উপস্থিত থকা নাছিল। আজি কেৱল উপস্থিত থকাই নহয়, নিলামত সক্রিয়ভাবে অংশগ্রহণ কৰাও দেখা গ’ল তেওঁক। জাহ্নবীক নিলামৰ কনিষ্ঠতম অংশগ্রহণকাৰী বোলা হৈছে।
উল্লেখযোগ্য যে শ্বাহৰুখ আৰু জুহি কেকেআৰৰ অন্যতম মালিক। ইয়াৰ আগতে জুহিক নিলামত উপস্থিত থাকা দেখা গ’লেও শ্বাহৰুখক দেখা যোৱা নাছিল। আজি অৱশ্যে দুয়োজনৰ কোনো নাছিল।











