![]()
নিউজ ডেস্কঃ
পুনৰ আহিল নবছৰ আগৰ দুঃস্মৃতি। ২০১২ চনত নোবেলজয়ী পাক সমাজকর্মী মালালা ইউছুফজাইক গুলী কৰিছিল এক সন্ত্রাসবাদীয়ে। সেই ঘটনাত শিহৰি উঠিছিল সমগ্ৰ বিশ্ব। তেতিয়া মালালা আছিল স্কুলৰ ছাত্রী। আজি তেওঁ নোবেলজয়ী প্রভাৱশালী ব্যক্তি। কিন্তু ইমান বছৰেও আততায়ীৰ মানসিকতাত কোনো সলনি হোৱা নাই। পুনৰ মালালাক টুইট কৰি হত্যাৰ ভাবুকি দিছে আততায়ীজনে। সেই ভাবুকিৰ উত্তৰত মুখ খুলিলে মালালাইও। কাঠগড়াত তুলিলে পাক প্রধানমন্ত্রী ইমৰান খানক।
পোনপটীয়াকৈ টুইটাৰত ভাবুকি দি ‘তেহৰিক-ই-তালিবান পাকিস্তান’ৰ প্রাক্তন মুখপাত্র এহছানে জনাইছে, ”পিছৰবাৰ আৰু কোনো ভুল নহ’ব।” অর্থাৎ পুনৰ মালালাক গুলী কৰাৰ সুযোগ পালে লক্ষ্যভেদ কৰিব। এনে ভয়ংকৰ ভাবুকিৰ পিছত তেওঁৰ একাউন্ট স্থায়ীভাবে বন্ধ কৰি দিছে টুইটাৰ কর্তৃপক্ষই।











