![]()
নিউজ ডেস্কঃ
স্বাধীনতাৰ পিছত এই প্রথম এগৰাকী মহিলা অপৰাধীক ফাঁচি দিয়া হ’ব। তাৰিখ ঠিক নহ’লেও, আৰম্ভ হৈ গৈছে সকলো প্রস্তুতি। ইয়াৰ মাজতেই ৰাষ্ট্রপতি ৰামনাথ কোবিন্দক মাতৃৰ অপৰাধৰ শাস্তি হিচাবে ফাঁচিৰ আদেশ নাকচ কৰাৰ আবেদন কৰে ছবনমৰ পুত্ৰ তাজে।
উল্লেখযোগ্য যে ৰামপুৰ জে’লতেই তাজৰ জন্ম। ৬ বছৰ বয়সত তাজক তোলনীয়া পুত্ৰ হিচাবে লয় এটা পৰিয়ালে। উক্ত পৰিয়ালৰ সদস্য ওছমান চইফিয়েও ৰাষ্ট্রপতিৰ ওচৰত তাজৰ দৰে আবেদন জনাইছে। তাজে কয়, অন্য কাৰোবাৰ লগত থাকিলেও, মাকক চাবলৈ তেওঁ প্ৰতিদিনে জে’ললৈ আহে। যিখিনি সময় দেখা হয়, তাতেই আদৰেৰে ভৰাই দিয়ে মাকে। মাকৰ এই আদৰৰ পৰা দূৰৈত থকাটো কঠিন বুলিও জনায় তাজে।
তাজে বৰ্তমান এখন বিখ্যাত স্কুলতে পঢ়ে। তেওঁৰ সকলো ধৰণৰ খেয়াল ৰাখে ওচমানৰ পৰিয়ালে। ওচমানে জনায়, ছবনমৰ প্রচুৰ সম্পত্তি আছে। যিবোৰ সামাজিক নানা কামত, স্কুল, কলেজ, হস্পিটেলৰ উন্নয়নৰ কামত দান কৰিব বুলি সিদ্ধান্ত লৈছে ছবনমে। নৃশংস হত্যাত অভিযুক্ত ছবনম এগৰাকী অত্যন্ত শিক্ষিত মহিলা। এখন স্কুলত পঢ়াইছিলো। প্রেমিক ছেলিম কাঠমিস্ত্রি আছিল। তেওঁ বিয়া কৰাব বিচাৰিছিল। কিন্তু তেওঁলোকৰ সম্পর্ক পৰিয়ালৰ কোনেও মানি নলয়। আৰু সেই কাৰণেই ঘপিয়াই পৰিয়ালৰ সাতজন সদস্যক হত্যা কৰে ছবনম-ছেলিমে। ছুপ্রিম কোর্টে তাৰ পিছতেই ছবনমৰ মৃত্যুদণ্ডৰ আদেশ দিয়ে। প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জীক প্রাণভিক্ষাৰ আবেদন জনাইছিল ছবনমে। সেই সময়ত তেওঁ নাকচ কৰে।











